জ’ বিডেন আৰু কমলা হেৰিছক অভিনন্দন জনালে নৰেন্দ্ৰ মোডীয়ে
বিশ্বৰ মহাশক্তিধৰ দেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা জ’ বিডেনক অভিনন্দন জনালে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ একেদৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা ভাৰতীয় মূলৰ কমলা হেৰিছকো আন্তৰিক অভিনন্দন জনাই মোডীয়ে ৷
নিউ গুৱাহাটীৰ MANO MOTORS ত অগ্নিকাণ্ড
MANO MOTORS Works মাৰুটিৰ চাৰ্ভিছ চেণ্টাৰ দ্বিতীয় মহলাত সংঘটিত হয় এই অগ্নিকাণ্ড । শ্বৰ্ট চাৰ্কিটৰ ফলতে এই ঘটনা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে ।
SI কেলেংকাৰীৰ CBI তদন্তৰ দাবীত ৰাজগড় যৌথ মঞ্চৰ সংবাদ মেল
SI কেলেংকাৰীৰ চিবিআইৰ তদন্ত ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে নিজৰ শূণ্যসহনশীল নীতিৰ প্ৰতি দায়বদ্ধতা প্ৰতিপন্ন কৰাৰ লগতে টিংখাঙৰ বিধায়ক বিমল বড়াক তদন্তৰ আওতালৈ অনাৰ দাবী ৰাজগড় যৌথ মঞ্চৰ ৷
মকড্ৰিলৰ জৰিয়তে সজাগতা সৃষ্টিৰ প্ৰয়াস অইল কৰ্তৃপক্ষৰ
বাটৰ নাটৰ জৰিয়তে জৰাবাৰীত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে বিশেষ পদক্ষেপ গ্ৰহণ কৰিলে অইল কৰ্তৃপক্ষ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ৷
এইবাৰো সম্ভব নহ’ল বিজেপি বিৰোধী মহাজোঁট বন্ধন
কংগ্ৰেছ, এআইইউডিএফ আৰু বাওঁপন্থী দল সমূহ একত্ৰিত হ’লেও কাৰ্যতঃ সমাগত নিৰ্বাচনটোৰ বাবে এইবাৰো একেখন মঞ্চত লগ হোৱাটো সম্ভৱ নহ’ল বিজেপি বিৰোধী শিবিৰৰ বাবে । কাৰ্যতঃ সম্ভৱ হৈ নুঠিল বিজেপিৰ আধিপত্য ভাঙি তচনচ কৰিব পৰা সবল বিৰোধী ঐক্যৰ ফলপ্ৰসূ মহাজোঁট। এনে প্ৰাক্ নিৰ্বাচনী পৰিস্থিতিয়ে অহা নিৰ্বাচনটোৰ ফলাফল কোন দিশে যাব সেয়া প্ৰায় স্পষ্ট কৰি তুলিছে ৷
মধ্যপ্ৰদেশৰ খাণ্ডৱা জিলাত পেৰাগ্লাইডিং দুৰ্ঘটনাত দুজন নিহত
বুধবাৰে প্ৰায় 6 বজাত পেৰামটৰ পৰিচালনা প্ৰতিষ্ঠানৰ দুজন কৰ্মচাৰীয়ে অনুশীলন কৰি থাকোতে 100 ফুট তললৈ হঠাৎ সৰি পৰে বুলি মুণ্ডি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বি এছ মাণ্ডলয়ই কয় ৷
কাৰাবন্দী এনডিএফবিৰ নেতাক মুকলি কৰি দিবলৈ প্ৰমোদ বড়োৰ আহ্বান
এবছুৰ কোকৰাঝাৰ জিলাৰ 52 তম অধিবেশনত বিশেষ অতিথি হিচাপে বুধবাৰে উপস্থিত থাকে বিটিচিৰ বৰ্তমানৰ প্ৰধান প্ৰমোদ বড়ো ৷ উক্ত অধিবেশনতে সাংবাদিকক সম্বোধন কৰি বৰ্তমান কাৰাবন্দী হৈ থকা ৰঞ্জন দৈমাৰীৰ লগতে আন সকলো সংগ্ৰামীক আইনগত পদ্ধতিৰে মুকলি কৰি দিবলৈ চৰকাৰক আহ্বান ৷
দলীয় অন্তঃকন্দলে চামগুৰিত বিপদত পেলাব পাৰে বিজেপিক
চামগুৰিৰ লোকনিৰ্মাণ বিভাগৰ পৰিদৰ্শন ভৱনত বিজেপিৰ ৰাজহুৱা মত বিনিময় সভা ৷ সভাত প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইক পৃথকে-পৃথকে সাক্ষাৎ তথা সম্ভাষণ জনালে বিজেপিৰ দুটাকৈ পক্ষই ।
পৰ্যাপ্ত গ্ল'বেল এস্কপ'জাৰ লাভ কৰা নাই মানাহ ৰাষ্ট্ৰীয় উদ্যানে: উৰ্খাও গৌড়া ব্ৰহ্ম
বুধবাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে প্ৰাক্তন সাংসদ উৰ্খাও গৌড়া ব্ৰহ্মই ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানক ভাৰত চৰকাৰৰ তৰফৰ পৰা গ্ল'বেল এস্কপ'জাৰৰ (Globel Exposure) ক্ষেত্ৰত বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ তৰফৰ পৰা যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তাৰ কিছু অভাৱ দেখা দিয়া বুলি মন্তব্য কৰে প্ৰাক্তন সাংসদগৰাকীয়ে ৷
ভূটান আৰু বাংলাদেশলৈ কৰ'ণা প্ৰতিষেধক প্ৰদান
চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ কৰ'ণা প্ৰতিষেধক বৃহস্পতিবাৰে ভাৰত চৰকাৰে ভূটান আৰু বাংলাদেশলৈ প্ৰেৰণ কৰিছে ৷ মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা বিমান যোগে দুয়োখন দেশলৈ প্ৰদান কৰিলে কৰ'ণা প্ৰতিষেধক ৷