ETV Bharat / state

আশ্ৰয় শিৱিৰত পৰ্যাপ্ত খাদ্য নোপোৱাৰ অভিযোগ বানাক্ৰান্তৰ

author img

By

Published : Jul 24, 2020, 12:16 PM IST

টীয়কৰ কাকজান কমাৰখাটোৱালৰ বানাক্ৰান্তৰ পৰ্যাপ্ত খাদ্য যোগান নধৰাৰ অভিযোগ ৷ শিশুখাদ্য আৰু পশুধনৰ খাদ্য যোগান নধৰাৰো গুৰুত্বৰ অভিযোগ বন্যাৰ্তৰ ৷

teok-relief-camp-not-food-distibutaion-allegation
বানাক্ৰান্তক আশ্ৰয় শিৱিৰ পৰ্যাপ্ত খাদ্য যোগান নধৰাৰ অভিযোগ

টীয়ক,24 জুলাইঃ ৰাজ্যৰত এতিয়া এফালে মহামাৰী কৰ’ণাৰ কালৰূপ আনফালে বানৰ সংহাৰী ৰূপ ধাৰণ ৷ তাৰমাজতে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱা সপোনৰ ঘৰখনলৈ এতিয়াও উভতিব পৰা নাই কাকজান কমাৰখাটোৱাল অঞ্চলৰ কেইবাটাও পৰিয়াল । নদীখনৰ জলপৃষ্ঠ কিছু হ্ৰাস পোৱাত বৃহত্তৰ টীয়ক অঞ্চলৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বহু অঞ্চলত বহু ঘৰ দুৱাৰ এতিয়াও পানীৰ তলত ।

কাকজান কমাৰখাটোৱালৰ কেইবাটাও পৰিয়াল এতিয়াও আছে আশ্ৰয় শিৱিৰত । জৱাহৰলাল নেহৰু হাইস্কুলত শিৱিৰ পাতি থকা বন্যাৰ্তৰ মাজত এতিয়া হাহাকাৰ । উল্লেখযোগ্য যে,দুবাৰকৈ অহা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱা ঘৰখন এৰি উক্ত শিবিৰত আশ্ৰয় লোৱা প্ৰায় এমাহ অতিক্ৰম কৰিলে যদিও শিৱিৰটোত পৰ্যাপ্ত খাদ্য সামগ্ৰী যোগান নধৰাৰ অভিযোগ উঠিছে প্ৰশাসনৰ বিৰুদ্ধে । বানাক্ৰান্তক ন্যূনতম চাউল আৰু দাইল যোগান ধৰিয়েই দায়িত্ব সামৰাৰ বিপৰীতে শিৱিৰটোত থকা শিশু সকলৰ মাজত শিশুখাদ্য আৰু পশুধনৰ খাদ্য যোগান নধৰাৰো অভিযোগ কৰিছে আশ্ৰয় শিৱিৰত থকা লোকসকলে ।

লগতে পঢ়কঃ প্ৰতিদিনেই মৃত্যুৰ আশংকাৰে বিপদসংকুল যাত্ৰা...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.