ETV Bharat / state

Tejprasad Bhusal in Johat: ৰংদৈ কৃষি এলেকাৰ ড্ৰেগন ফ্ৰুইটৰ কৃষি পাম পৰিদৰ্শন অতিৰিক্ত সচিবৰ

author img

By

Published : Oct 16, 2022, 5:41 PM IST

যোৰহাট বাহনাৰ ড্ৰেগন ফ্ৰুইটৰ কৃষি পাম পৰিদৰ্শন কৃষি বিভাগ অতিৰিক্ত সচিৱ তেজপ্ৰসাদ ভুচালৰ(Tejprasad Bhusal inspects dragon fruits farm) । কৃষক বিশ্বজিৎ বৰাৰ কৃষি পাম পৰিদৰ্শন কৰি অভিভূত হৈ পৰে অসম চৰকাৰৰ কৃষি বিভাগৰ অতিৰিক্ত সচিব গৰাকী(Tejprasad Bhusal in Jorhat) ।

Tejprasad Bhusal inspects dragon fruits farm
ৰংদৈ কৃষি এলেকাৰ ড্ৰেগন ফ্ৰুইটৰ কৃষি পাম পৰিদৰ্শন তেজপ্ৰসাদ ভুচালৰ

যোৰহাট,১৬ অক্টোবৰ: যোৰহাট জিলাৰ বাহনা কৃষি চক্ৰৰ অধীনৰ ৰংদৈ কৃষি এলেকাৰ ভগনীয়া গাঁৱৰ উদ্যোগী কৃষক বিশ্বজিৎ বৰাৰ কৃষি পাম আজি পৰিদৰ্শন কৰে অসম চৰকাৰৰ কৃষি বিভাগৰ অতিৰিক্ত সচিব(Additional Secretary of Department of Agriculture) তেজপ্ৰসাদ ভুচালে(Tejprasad Bhusal inspects dragon fruits farm) । অতিৰিক্ত সচিবগৰাকীক পৰিদৰ্শন কালত সংগ প্ৰদান কৰে যোৰহাট জিলা কৃষি বিষয়া ড° নিতুমণি গগৈ, বাহনা কৃষি উন্নয়ন চক্ৰৰ কৃষি উন্নয়ন বিষয়া নিৰেন বৰা আৰু কৃষি বিভাগৰ যোৰহাট জিলাৰ মেডিয়া বিশেষজ্ঞ আভা ভৰালীয়ে ।

অতিৰিক্ত সচিব তেজপ্ৰসাদ ভুচালে কৃষক বিশ্বজিৎ বৰাৰ কৃষি পাম পৰিদৰ্শন কৰি অভিভূত হৈ পৰে আৰু কৃষকগৰাকীক তেওঁ কৃষি বিভাগৰপৰা সকলো ধৰণৰ সহযোগিতা, উন্নত প্ৰশিক্ষণ আদিৰ আশ্বাস দিয়ে(Tejprasad Bhusal in Johat) । উদ্যোগী কৃষক বিশ্বজিৎ বৰাই ড্ৰেগন ফ্ৰুইটৰ কৃষি কাৰ্য কেইবা বছৰো ধৰি কৰি আহিছে আৰু ব্যৱসায়িকভাৱে কৃষকগৰাকীয়ে সাফল্য অৰ্জন কৰিছে । অতিৰিক্ত সচিবগৰাকীৰ পৰিদৰ্শন কালত কৃষকগৰাকীয়ে প্ৰায় এক কুইণ্টল ড্ৰেগন ফ্ৰুইট বিক্ৰীৰ বাবে সাজু কৰি আছিল ।

উল্লেখযোগ্য যে জিলা কৃষি বিভাগে বাহনা কৃষি উন্নয়ন চক্ৰৰ কৃষি উন্নয়ন বিষয়া নিৰেন বৰাৰ উদ্যোগত কৃষকগৰাকীক পূৰ্বৰ দৰে এইবাৰো প্ৰায় সাতশৰো অধিক ড্ৰেগন ফ্ৰুইটৰ পুলি প্ৰদান কৰিছে । কৃষকগৰাকী ঔষধিযুক্ত উদ্ভিদৰ কৃষি কাৰ্যৰ লগতো জড়িত । তেওঁৰ কৃষি পামত ইনচুলিন প্লাণ্ট, গিলয়, শতমূল, আদাৰ বিভিন্ন সততে প্ৰাপ্ত নোহোৱা প্ৰজাতি বিশেষকৈ ক'লা আদা, ঔষধি গুণযুক্ত বান্দৰ কেঁকোৰা, মচলাজাতীয় উদ্ভিদ, ভেনিলা ইত্যাদি উৎপাদিত হয় ।

তেওঁ ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰলৈকো ৰঙা বাওঁধানৰ চাউল ৰপ্তানি কৰি আহিছে । মীন পালনৰ লগতো জড়িত কৃষকগৰাকীয়ে উত্তৰ প্ৰদেশৰ এটা বিশেষ প্ৰজাতিৰ ম'হ পালন কৰিছে । সেই প্ৰসংগত কৃষকগৰাকীয়ে কয় যে উত্তৰ প্ৰদেশৰ ম'হৰ প্ৰজাতিটো অসমৰ জলবায়ুৰ লগত মিলি পৰিছে আৰু ভৱিষ্যতে ম'হৰ প্ৰজাতিটোক ব্যৱসায়িকভিত্তিত পালনৰ পৰিকল্পনা কৰিছে । আনহাতে অতিৰিক্ত সচিবগৰাকীয়ে যোৰহাট জিলা কৃষি বিভাগৰ তত্ত্বাৱধানত ৰূপায়িত হৈ থকা আঁচনিসমূহৰ বুজ লয় । জিলা কৃষি বিষয়া ড° নিতুমণি গগৈয়ে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আৰু আন আন আঁচনিসমূহৰ সফল ৰূপায়নৰ বাবে লোৱা পদক্ষেপসমূহ অৱগত কৰে ।

লগতে পঢ়ক: Moran Police Incident : মৰাণ থানাৰ দুই আৰক্ষী বিষয়াক নিলম্বন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.