যোৰহাট, 29 জানুৱাৰীঃ ক্ৰমান্বয়ে আধুনিকতাৰ ধামখমিয়াত হেৰাই যাবলৈ ধৰা অসমৰ বিভিন্ন কলা-সংস্কৃতিক প্ৰতীকপদ ৰূপত ধৰি ৰখাৰ ব্যতিক্ৰমী প্ৰয়াস ৷ এই দৃশ্য দেখিবলৈ পোৱা গ'ল যোৰহাটৰ এখন বিদ্যালয়ৰ চৌহদত ।
জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ লগত সংগতি ৰাখি যোৰহাট চহৰৰ মাজ-মজিয়াত অৱস্থিত জোনাকী সংঘ নামৰ বিদ্যালয়খনে গ্ৰহণ কৰিছে এক অনন্য পদক্ষেপ ৷ বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্র-ছাত্ৰীয়ে নিৰ্মাণ কৰি উলিয়াইছে নামঘৰৰ প্ৰতীকি । সম্পূৰ্ণ থলুৱা ভাৱে বাঁহৰে দেৱী সৰস্বতীৰ প্ৰতিমাৰ কাষতে স্থাপন কৰে এটা নামঘৰ । ইয়াৰ উপৰিও অসমীয়া সমাজ জীৱনৰ আপুৰুগীয়া অংগ স্বৰূপ কুমাৰ শিল্পৰো প্ৰতীকি নিৰ্মাণ কৰিছে ছাত্র ছাত্ৰী সকলে । কংক্ৰীটৰ মহানগৰীয়া জীৱন যাপনৰ মাজত ডাঙৰ দীঘল হোৱা ছাত্র-ছাত্ৰী সকলৰ মাজত অসমৰ কলা-সংস্কৃতি আৰু কৃষ্টিৰ সম্বন্ধে পৰিচয় কৰাৰ উদ্দেশ্য এই পদক্ষেপ গ্ৰহণ কৰিছে বিদ্যালয় খনে ।