যোৰহাট, ১৪ ফেব্ৰুৱাৰী: সন্মুখত বিধানসভা নিৰ্বাচন । তৎপৰ সকলো ৰাজনৈতিক দল-সংগঠন । নিৰ্বাচনক লৈ এতিয়া ব্যস্ত হৈ পৰিছে ৰাজনৈতিক দলসমূহ । নিৰ্বাচনৰ পূৰ্বে ভেটি শক্তিশালী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত গঠন হোৱা দল ৰাইজৰ দলৰ । দেওবাৰে যোৰহাট জিলাৰ দেৰগাঁও সমষ্টিত অৰ্ধ শতাধিক লোকৰ যোগদান ।
দেৰগাঁও বিধান সভা সমষ্টিত অনুষ্ঠিত এক সভাত দলৰ সম্পাদক প্ৰবীন দাসৰ উপস্থিতিত অগপ, বিজেপি, কংগ্ৰেছৰ অৰ্ধ শতাধিকৰ ৰাইজৰ দলত যোগদান । গোৱালগাঁও হৰি মন্দিৰৰ প্ৰাংগনত ৰুপেশ্বৰ বৰাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাখনত দেহ বৰাক সভাপতি, যোগ বৰাক সম্পাদক হিচাপে লৈ ৪১ নং মধ্য পৰ্বতীয়া আঞ্চলিক সমিতিখন গঠন কৰা হয় ৷ একেখন সভাতেই সঞ্জীৱ বৰাক সভাপতি, পংকজ বৰাক সম্পাদক হিচাপে লৈ পঞ্চায়তখনৰ অন্তগৰ্ত ২নং বৰমেৰ চাপৰী ( গোৱাল গাও) শাখাটো গঠন কৰা হয় ৷
দেৰগাঁও সমষ্টি সমিতিৰ সাধাৰণ সম্পাদক সঞ্জীৱ বৰা, সম্পাদক মঞ্জিল বৰা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অনিত্য বৰাই অংশগ্ৰহন কৰা সভাখনত বিজেপি দলৰ অনন্ত বৰা, অসীম বৰুৱা, অগপ দলৰ যোগ বৰা, মন্টু বৰা, বুবুল বৰুৱা, বুবুটি বৰা, ভাইটি বৰা, যতীন বৰুৱা, গৌৰাংগ বৰা, কগ্ৰেছ দলৰ গোবিন চন্দ দাস, দেহ বৰা, ৰুপেশ্বৰ বৰা, সঞ্জীৱ বৰুৱা, খিল বৰা বুবুল বৰুৱা, ধ্ৰুৱজ্যোতি বৰুৱা, দুস্মন্ত বৰা আদি অধ শতাধিক নেতা কৰ্মীয়ে যোগদান কৰে ।
ইফালে, অসম গণ পৰিষদ আৰু কংগ্ৰেছৰ দলৰ দূৰ্গ ৰূপে পৰিচিতি দেৰগাঁও বিধান সভা সমষ্টিত ৰাইজৰ দলে ইতিমধ্যে নিজৰ শক্তি বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে ।