ETV Bharat / state

অনিদিষ্ট কালৰ বাবে যোৰহাট-মাজুলী ফেৰী সেৱা বন্ধ

author img

By

Published : Jun 23, 2020, 2:23 PM IST

ব্ৰহ্মপুত্ৰৰ জলৰাশি বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত অনিৰ্দ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে মাজুলী নিমাটিঘাট ফেৰীসেৱা ৷ তাৰমাজতো একাংশ লেচীয়ে ফেৰী চলাচল অব্যাহত ৰখাৰ অভিযোগ ৷

অনিদিষ্ট কালৰ বাবে যোৰহাট-মাজুলী ফেৰী সেৱা বন্ধ
অনিদিষ্ট কালৰ বাবে যোৰহাট-মাজুলী ফেৰী সেৱা বন্ধ

যোৰহাট, 23 জুনঃ ক্ৰমান্বয়ে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত আজিৰ পৰা অনিৰ্দ্দিষ্ট কালৰ বাবে যোৰহাট মাজুলী ফেৰী সেৱা বন্ধ কৰা হৈছে । যোৰহাট জিলা প্ৰশাসনে তৎকালীনভাৱে বন্ধ কৰি দিছে সকলো ধৰণৰ ফেৰী সেৱা । যাৰফলত নিমাটিঘাটত এতিয়া নিমাওমাও পৰিৱেশ। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত এই ব্যৱস্থা গ্ৰহণ কৰিছে ।

যোৰহাট-মাজুলী ফেৰী সেৱা বন্ধ
কিন্তু তথাপিও একাংশ ফেৰী লেচীয়ে চৰকাৰী নিৰ্দেশনা বুঢ়া আঙুলি দেখোৱাই বৰ্তমানেও অব্যাহত ৰাখিছে ফেৰী সেৱা। বিপদ সংকুল ভাৱে চলি থকা এই ফেৰী সেৱাই বিপদ ঘটোৱাৰ আশংকা দেখা দিছে ৷ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ সকলো ধৰণৰ ফেৰী সেৱা বন্ধ থকাৰ সময়তে একাংশ লেচীৰ দ্বাৰা পৰিচালনা হোৱা ফেৰী সেৱাই বিপদ অনাতো নিশ্চিত।।
NIMATIGHAT FERRY SERVICE SUSPENDED
ব্ৰহ্মপুত্ৰৰ জলৰাশি বৃদ্ধি পাইছে বিগত দিনকেইটাত
কিন্তু এতিয়া প্ৰশ্ন হয় জিলা প্ৰশাসনে ফেৰী সেৱা বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰাও পাছতো কেনেকৈ ফেৰী সেৱা চলি আছে সেইয়াহে গুৰুত্বপূৰ্ণ।

লগতে চাওকঃ "গৰ্গ চেটাৰ্জীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাত ব্যৰ্থ সৰ্বা চৰকাৰ"-দেৱব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.