টীয়ক, 30 এপ্ৰিল: দেশ মহামাৰী কৰ’ণাৰ কৱলত । স্তব্ধ জনজীৱন । তাৰ মাজতে টীয়কৰ অন্যতম অগ্ৰণী সাহিত্য চৰ্চাৰ অনুষ্ঠান শিকলিয়ে মহামাৰীৰ এই মহাত্ৰাসৰ মাজতে সাহিত্য চৰ্চা যাতে অব্যাহত ৰাখিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে সন্ধিয়া অনুষ্ঠানটোৱে এখনি কাব্যালোচনী 'শিকলি'ৰ শুভ উন্মোচন কৰে । যোৰহাট জিলাৰ কবি সন্মিলনৰ সভাপতি অজিত বৰদলৈয়ে টীয়কৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে এই ছমহীয়া কাব্যালোচনীখন উন্মোচন কৰে ।
টীয়কৰ দৰে এক মফচল অঞ্চলৰ পৰা এইদৰে কাব্যালোচনী প্ৰকাশ কৰি অনাগত দিনত বৃহত্তৰ অঞ্চলৰ লগতে সমগ্ৰ অসমৰ সাহিত্য চৰ্চাত জড়িত ন ন প্ৰতিভাসমূহক এক নতুন চিনাকি প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে সকলোৱে । উল্লেখ্য যে, শিকলি পৰিয়ালৰ হৈ মুখ্য সম্পাদক অৰূপজ্যোতি হাজৰিকা, সম্পাদক হেমন্ত গগৈ, সহযোগী সম্পাদক দেৱজিত হাজৰিকাকে প্ৰমুখ্য কৰি কেইবাজনো উদ্যমী যুৱকৰ সহযোগিতাত সম্পূৰ্ণ ক’ভিড প্ৰট'কল অৱলম্বন কৰি এই বসন্ত সংখ্যাৰ শিকলিত অসমৰ কেইবাগৰাকীও বিশিষ্ট কবিৰ কবিতাৰে কাব্যপ্ৰমীৰ হাতত তুলি ধৰিবলৈ চেষ্টা কৰিছে লগতে এই কাব্যালোচনী অসমৰ সাহিত্য জগতত প্ৰথম প্ৰয়াস বুলি মন্তব্য কৰিছে ।
লগতে পঢ়ক: জীৱন মৰাণৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফল ক’ভিড নিগেটিভ