যোৰহাট, 15 আগষ্টঃ যোৰহাট জিলাত অৱস্থিত ONGC ৰ বিৰুদ্ধে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ ৷ ONGCৰ অৱশিষ্ট তেলে বিঘাই বিঘাই কৃষি পথাৰ ধ্বংস কৰাৰ অভিযোগ ৷
তিতাবৰ মহকুমাৰ অন্তৰ্গত বৰহোলা অৱস্থিত ONGCৰ পৰা ওলাই অহা অৱশিষ্ট খাৰুৱা তেলে বিঘাই বিঘাই কৃষি পথাৰ ধ্বংস কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷ উক্ত ঘটনাত ক্ষুব্ধ হৈ বৰহোলা আঞ্চলিক যুৱ ছাত্ৰ-পৰিষদে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰে ৷ অতি শীঘ্ৰে কৃষক ৰাইজৰ নষ্ট হোৱাৰ কৃষি ভূমিৰ ক্ষতি পুৰণ দিবলৈ দাবী কৰিছে সংগঠনটোৱে ৷ যদিহে ক্ষতি পূৰণ পৰিশোধ নকৰে ONGC বন্ধ কৰিব বুলি হুংকাৰ দিছে AJYCP ৰ বিষয়ববীয়াই ৷