ETV Bharat / state

লংকাত ভঁড়াল ভাঙি ধান খালে বন্যহস্তীয়ে

ক'ভিড আতংকৰ মাজতে লংকাৰ উদালীৰ দক্ষিণ জাৰণী গাঁৱত বন্যহস্তীক উপদ্ৰৱ ৷ অনিষ্ট কৰিছে বাসগৃহৰ লগতে বহু সা-সামগ্ৰী ৷ অসহায় হৈ পৰিছে গঞা ৰাইজ ৷

wild-elephant-terror-at-udali-of-lanka
লংকাৰ উদালীত বনৰীয়া হাতীৰ উপদ্ৰৱ
author img

By

Published : Aug 5, 2021, 5:22 PM IST

হোজাই, 5 আগষ্ট : হস্তী-মানুহৰ সংঘাত অসমৰ বাবে কোনো নতুন কথা নহয় ৷ কেইবাখনো জিলাৰ বিস্তীৰ্ণ অঞ্চলত বছৰৰ প্ৰায় সকলো সময়তে বন্যহস্তীয়ে বিচৰণ কৰা পৰিলক্ষিত হয় ৷ বিশেষকৈ নগাঁও, গোলাঘাট, গোৱালপাৰা, ওদালগুৰি, তিনিচুকীয়া আৰু বাক্সা জিলাৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ অধিক দেখা যায় ৷ ইয়াৰ মাজতে বুধবাৰে নিশা খাদ্যৰ সন্ধানত লামডিং বনাঞ্চলৰ পৰা ওলাই অহা তিনিটাকৈ হাতীয়ে উদালীৰ দক্ষিণ জাৰণী গাঁৱত চলালে উপদ্ৰৱ ৷

জাৰণী গাঁৱৰ ফৰিজ নামৰ লোকজনৰ আবাস গৃহ,পাকঘৰৰ বয়-বস্তু হাতীয়ে লণ্ডভণ্ড কৰাৰ লগতে ভঁৰাল ভাঙি ধান খাই বিস্তৰ অনিষ্ট সাধন কৰে ৷ ফৰিজ বন বিভাগৰ চতুর্থ বৰ্গৰ চাকৰিত নিয়েজিত অস্থায়ী কৰ্মচাৰী ৷ উক্ত ঘটনা সংঘটিত হোৱাৰ পিছত নিশাই গাঁওৰক্ষী বাহিনীৰ লোক আৰু স্থানীয় ৰাইজে জুই, জোং লৈ হাতী খেদিবলৈ সক্ষম হয় ৷ আনহাতে পুৱা ভাগত উক্ত অঞ্চলটোত লংকা বন বিভাগৰ লোক উপস্থিত হৈ সামগ্ৰিক অঞ্চলটো পৰিদৰ্শন কৰে ৷

লংকাৰ উদালীত বনৰীয়া হাতীৰ উপদ্ৰৱ

বন বিভাগৰ অমনোযোগিতাৰ বাবেই অঞ্চলটোত সঘনে এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

মন কৰিবলগীয়া যে, দীৰ্ঘ দিন ধৰি বন্যহস্তীয়ে বহু জিলাৰ গ্ৰাম্যাঞ্চলত উপদ্ৰৱ চলাই অনিষ্ট কৰিছে বহু পৰিয়ালৰ ৷ চাহ বাগিছা অঞ্চল সমূহতো বন্যহস্তীয়ে প্ৰায়ে ক্ষতি সাধন কৰা পৰিলক্ষিত হয় ৷ বহুকেইজন লোকে চলিত বৰ্ষত প্ৰাণ হেৰুৱাইছে বন্যহস্তীৰ আক্ৰমণত ৷ আনহাতে এই হস্তী-মানৱ সংঘাতত প্ৰাণ হেৰুৱাইছে বহু কেইটা বন্যহস্তীয়েও ৷

হস্তী-মানৱ সংঘাত বৰ্তমানেও নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই অসমত ৷ যাৰ বাবে প্ৰায়ে বন বিভাগৰ ব্যৰ্থতাৰ প্ৰতি আঙুলি উঠাই স্থানীয় লোকে ৷ বনবিভাগ তথা চৰকাৰক এই সমস্যা সমাধানৰ বাবে শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰায়ে আহ্বান জনাইছে ভুক্তভোগীয়ে ৷

লগতে পঢ়ক : পথ পকীকৰণৰ দাবীত ৰাজপথত ৰঙিয়াৰ বৰমুৰাৰ ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.