ETV Bharat / state

হোজাইৰ ক্ষুদ্ৰ উদ্যোগী বিপুল চন্দ্ৰ দাসৰ কথাৰে ...

লক ডাউনৰ বাবে তেওঁৰ মাহিলী উপাৰ্জন ৭০ৰ পৰা ৮০ হাজাৰ টকা যদিও লকডাউনৰ পূৰ্বে তিনিৰ পৰা চাৰি লক্ষাধিক টকাৰ বৈদ্যুতিক বাল্ব বিক্ৰী কৰিবলৈ সক্ষম হৈছিল বুলি জানিবলৈ দিছে বিপুলে । তদুপৰি বিপুলৰ কোম্পানীটোৰ বাল্ব বৰ্তমান অনলাইন ব্যৱসায়ীক প্লেটফ'ৰ্ম এমাজনতো উপলব্ধ ।

story of a entrepreneur from hojai
হোজাইৰ ক্ষুদ্ৰ উদ্যোগী বিপুল চন্দ্ৰ দাসৰ কথাৰে ....
author img

By

Published : Aug 12, 2020, 12:57 PM IST

হোজাই, 12 আগষ্ট : এসময়ত আনৰ ব্যৱসায়িক প্ৰতিষ্ঠানত দিন হাজিৰা কৰা হোজাইৰ এজন যুৱক বৰ্তমান এজন প্ৰতিষ্ঠিত ব্যৱসায়ী । আগ্ৰহ,দৃঢ় মনোৱল আৰু কঠোৰ অধ্যৱসায়ৰ বলত যে মানুহে জীৱনত সফল হ'ব পাৰে তাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিলে হোজাই জিলা লংকাৰ এজন দৰিদ্ৰ পৰিয়ালৰ যুৱকে ৷

হোজাইৰ ক্ষুদ্ৰ উদ্যোগী বিপুল চন্দ্ৰ দাসৰ কথাৰে ....
যুৱক জনৰ নাম বিপুল চন্দ্ৰ দাস,ঘৰ লংকাৰ ৬ নং বাৰ্ডত । দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা বিপুলে নিজৰ লগতে নিজ পৰিয়ালক পোহপাল দিবলৈ প্ৰথম অৱস্থাত কৰিছিল আনৰ বৈদ্যুতিক সামগ্ৰীৰ বিপণীত দিন হাজিৰা । দৈনিক আনৰ বিপনীত কাম কৰি নিশা ঘৰলৈ ঘুৰি আহি বিকল হোৱা ইলেকট্ৰনিক বাল্ব আদিৰ মেৰামতিৰ কাম কৰিছিল। মেৰামতিৰ কামত কোনোবাটো বাল্ব যদি ভাল হৈছিল,তেনেহলে আন দহটা বাল্ব মেৰামতি কৰাৰ পিছতো বিকল হৈ ৰৈ গৈছিল । কিন্তু তাৰ পাছতো ভাগি পৰা নাছিল বিপুল,নিজৰ কাম কৰি গৈছিল বিপুলে ।
story of a entrepreneur from hojai
হোজাইৰ ক্ষুদ্ৰ উদ্যোগী বিপুল চন্দ্ৰ দাসৰ কথাৰে ....

নিজৰ আগ্ৰহ আৰু অধ্যাৱসায় বলত বিপুলে দিল্লীত বৈদ্যুতিক বাল্ব মেৰামতি কৰা প্ৰশিক্ষণ লৈ নিজৰ হাতত থকা সামান্য পৰিমাণৰ ধন খৰচ কৰি ২০১৭ চনত ডিজিটেল ইনড্ৰাষ্টী ইণ্ডিয়া নামেৰে বৈদ্যুতিক বাল্ব নিৰ্মাণ কৰা এটা ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰে । লংকাৰ পূৱ ভালুকমাৰীত এটা সৰু ভাড়া কোঠা লৈ বিপুলে আৰম্ভ কৰে ক্ষুদ্ৰ ব্যৱসায়টো। ব‌্যৱসায় আৰম্ভ কৰি বৰ্তমান এজন সফল ব্যৱসায়ীৰ ৰূপত নিজকে গঢ় দিবলৈ সক্ষম হৈছে লংকাৰ বিপুল চন্দ্ৰ দাসে । প্ৰথমে আনৰ দোকানত কাম কৰা বিপুলে তেওঁৰ ক্ষুদ্ৰ উদ্যোগটোত নিজৰ লগতে আন চাৰিজন যুৱকক দিছে কৰ্মসংস্থাপন । লগতে বিপুলৰ ক্ষুদ্ৰ উদ্যোগটোৰ পৰা বৰ্তমান ৫০ ৰো অধিক বেলেগ বেলেগ ধৰণৰ বৈদ্যুতিক বাল্ব ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰা হয় ।

উল্লেখ্য যে,লক ডাউনৰ বাবে তেওঁৰ মাহিলী উপাৰ্জন ৭০ৰ পৰা ৮০ হাজাৰ টকা যদিও লকডাউনৰ পূৰ্বে তিনিৰ পৰা চাৰি লক্ষাধিক টকাৰ বৈদ্যুতিক বাল্ব বিক্ৰী কৰিবলৈ সক্ষম হৈছিল বুলি জানিবলৈ দিছে বিপুলে। তদুপৰি বিপুলৰ কোম্পানীটোৰ বাল্ব বৰ্তমান অনলাইন ব্যৱসায়ীক প্লেটফ'ৰ্ম এমাজনতো উপলব্ধ ।

লগতে পঢ়ক: কমলা হেৰিছক উপ-ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত বিডেনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.