হোজাই, 16 জুলাই : লামডিঙত প্ৰথমজন কৰ'ণা আক্ৰান্ত ৰোগীৰ মৃত্যু ৷ লামডিং ৰে'লৱে চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় লোকজনৰ ৷ মৃত ব্যক্তিগৰাকী ৰে'ল কৰ্মচাৰী অমল শইকীয়া বুলি জানিব পৰা গৈছে । বহু দিনৰে পৰা বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ আছিল মৃত লোকজন ৷ গুৱাহাটীত বহু দিন চিকিৎসা চলাৰ পিছত লোকজনক লামডিঙৰ ৰে'লৱে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও বুধবাৰে মৃত্যু হয় লোকজনৰ । ফলত হোজাই জিলা প্ৰশাসনে মৃতদেহটো উদালিৰ শ্মশানত লৈ যায় । জানিব পৰা মতে লোকজনৰ প্ৰথমতে ৰেপিড টেষ্টত কৰ'ণা নিগেটিভ আহিছিল যদিও পৰৱৰ্তী RTPC টেষ্টত লোকজনৰ কৰ'ণা পজিটিভ ৰিপৰ্ট বুলি জনা যায় । এই ঘটনাৰ ফলত ইতিমধ্যে লামডিং ৰে'লৱে চিকিৎসালয়ৰ বহু চিকিৎসক আৰু নাৰ্চক হোম কোৱাৰেন্টাইন কৰা হৈছে ।
লামডিঙত কৰ'ণা আক্ৰান্ত প্ৰথমজন ৰোগীৰ মৃত্যু
ৰাজ্যত পুনৰ মৃত্যু কোভিড-19ত আক্ৰান্ত এগৰাকী ৰোগীৰ ৷ লামডিঙত কোভিড-19ত আক্ৰান্ত হোৱা প্ৰথমগৰাকী ৰোগীৰ মৃত্যু হয় ৷