হোজাই,18 মে': হোজাই জিলাৰ লংকাৰ পাঞ্জাৱী বস্তিত পুনৰ ক'ভিডে প্ৰাণ কাঢ়িলে এজন লোকৰ । নিহত লোকজন ত্ৰৈলোক্য সিংহ বুলি জানিব পৰা গৈছে ৷ ক'ভিডত আক্ৰান্ত হৈ সোমবাৰে নিজা বাসগৃহত মৃত্যুক সাৱটি লয় ব্যক্তিগৰাকীয়ে ৷
উল্লেখ্য যে, সোমবাৰে পুৱা বহু সময়লৈকে ত্ৰৈলোক্য সিংহ শুই নুঠাত পৰিয়ালৰ সন্দেহ হৈ কোঠাৰ ভিতৰত প্ৰৱেশ কৰে যদিও মৃত অৱস্থাত প্ৰত্যক্ষ কৰে ব্যক্তিগৰাকীক । এই সম্পৰ্কে স্থানীয় ৰাইজে স্বাস্থ্য বিভাগক অৱগত কৰে ৷ ঘটনাস্থলীত লংকাৰ স্বাস্থ্য কৰ্মী উপস্থিত হৈ মৃত সিংহৰ ক'ভিডৰ পৰীক্ষা কৰাত লোকজনৰ শৰীৰত ক’ভিডৰ অৱস্থিতি ধৰা পৰে ৷ ইফালে মৃত সিংহৰ পত্নীৰ দেহতো ক'ভিড ভাইৰাছ ধৰা পৰিছে বুলি স্বাস্থ্য বিভাগে সদৰী কৰিছে । স্বাস্থ্য কৰ্মীসকলে ক'ভিডৰ চৰকাৰী নীতি-নিয়ম অনুসৰি ত্ৰৈলোক্য সিংহৰ মৃতদেহটো সৎকাৰৰ বাবে লৈ যায় ।
উল্লেখ্য যে, নিহত ত্ৰৈলোক্য সিংহ অসম গণ পৰিষদৰ চৰকাৰৰ দিনত লংকা পৌৰসভাৰ উপাধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল ৷ লগতে লংকাৰ শিখ সমাজৰ এগৰাকী আগশাৰীৰ ব্যক্তিৰ লগতে প্ৰাক্তন ফুটবলাৰ হিচাপেও পৰিচিত আছিল বুলি জানিব পৰা গৈছে । তেখেতৰ মৃত্যুত সমগ্ৰ লংকাতে শোকৰ ছাঁ পৰিছে ।
লগতে পঢ়ক- ধুবুৰীত ১৯৪৪ জনলৈ বৃদ্ধি কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা