ETV Bharat / state

নীলবাগানৰ ঘৰত উপস্থিত আবিদাই দিলে স্বচক্ষে পত্যক্ষ কৰা যুদ্ধৰ বৰ্ণনা

অপাৰেচন গংগাৰ(#Operation Ganga) জড়িয়তে বৰ্তমানেও ইউক্ৰেইনত আৱদ্ধ শিক্ষাৰ্থীক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত । সুৰক্ষিতভাৱে ইউক্ৰেইনৰ পৰা ঘৰলৈ উভতি আহিল হোজাইৰ নীলবাগানৰ এগৰাকী শিক্ষাৰ্থী আবিদা বেগম চৌধুৰী । ভাৰত চৰকাৰ আৰু অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন আবিদাৰ ।

safely return hojai student
স্ব-গৃহ পালেহি নীলবাগানৰ আবিদা বেগম চৌধুৰী
author img

By

Published : Mar 7, 2022, 3:00 PM IST

হোজাই, ০৭ মাৰ্চ: যুদ্ধ পীড়িত ইউক্ৰেইনৰ পৰা ভাৰতীয় শিক্ষাৰ্থীসকলক সুকলমে ঘূৰাই অনাৰ বাবে অপাৰেচন গংগাৰ(#Operation Ganga) জড়িয়তে প্ৰচেষ্টা অব্যাহত । ইতিমধ্যে বহুসংখ্য শিক্ষাৰ্থী উভতি আহিছে সুকলমে । অসমৰো বহু শিক্ষাৰ্থী সুকলমে পাইছেহি স্ব-গৃহ । সুৰক্ষিতভাৱে ইউক্ৰেইনৰ পৰা ঘৰলৈ উভতি আহিল হোজাইৰ নীলবাগানৰ এগৰাকী শিক্ষাৰ্থী আবিদা বেগম চৌধুৰী ।

ইউক্রেইনৰ পৰা দেওবাৰে হোজাই জিলাৰ নীলবাগানৰ বাসগৃহত উপস্থিত হ’ল আবিদা বেগম চৌধুৰী । বাসগৃহত উপস্থিত হৈয়েই ভাৰত চৰকাৰ আৰু অসম চৰকাৰক ধন্যবাদ জনালে ইউক্রেইনত চিকিৎসা বিজ্ঞানত অধ্যয়ন কৰি থকা শিক্ষার্থীগৰাকীয়ে । শিক্ষার্থীগৰাকীয়ে ইউক্রেইন আৰু ৰাছিয়াৰ যুদ্ধৰ ভয়াৱহতা বৰ্ণনা কৰি এই যুদ্ধ নিজ চকুৰে প্ৰত্যক্ষ কৰা বুলি মন্তব্য কৰে (Abida describes Russia Ukraine war) ।

সুৰক্ষিতভাৱে ইউক্ৰেইনৰ পৰা ঘৰলৈ উভতি আহিল হোজাইৰ নীলবাগানৰ এগৰাকী শিক্ষাৰ্থী আবিদা বেগম চৌধুৰী । ভাৰত চৰকাৰ আৰু অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন আবিদাৰ ।

শিক্ষার্থীগৰাকীৰ পিতৃ নীলবাগানৰ বিশিষ্ট সমাজকর্মী আব্দুল হকেও তেওঁৰ কন্যাক উদ্ধাৰ কৰাত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা ভাৰত আৰু অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰে । আনহাতে, হোজাইৰ উপায়ুক্ত আৰু হোজাইৰ আৰক্ষী অধীক্ষকে শিক্ষার্থীগৰাকীৰ খবৰ লোৱাৰ বাবে দুয়োকে ধন্যবাদ জ্ঞাপন কৰে শিক্ষাৰ্থীগৰাকীৰ পিতৃয়ে ।

লগতে পঢ়ক:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.