হাইলাকান্দি, ১০ ফেব্ৰুৱাৰী: এজন বিধায়কৰ শৰণাপন্ন হৈ ভৰি-হাত ধৰি কান্দি আছে আন এগৰাকী জন প্ৰতিনিধিয়ে। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এখন আলোকচিত্ৰই চাঞ্চল্যৰ সৃষ্টি কৰিছে বৰ্তমানে হাইলাকান্দিত। পিচে কোন এই সকল জন প্ৰতিনিধি ?
জিলা পৰিষদ গঠন প্ৰক্ৰিয়াক লৈ এতিয়া সৰব হাইলাকান্দিৰ ৰাজনীতি। উল্লেখ্য যে প্ৰথমে এআইইউডিএফৰ প্ৰাৰ্থীক লগত লৈ বিজেপিয়ে গঠন কৰিছিল হাইলাকান্দি জিলা পৰিষদ। য'ত ফাৰহানা খানম চৌধুৰীক জিলা পৰিষদৰ সভানেত্ৰী হিচাপে বিবেচিত কৰা হৈছিল । কিন্তু তাৰ পাচদিনা আকৌ বিজেপিৰ সংগ এৰি এআইইউডিএফত যোগদান কৰিলে নৱ নিৰ্বাচিত সভানেত্ৰী ফাৰহানা খানম চৌধুৰীয়ে। লগতে নিশা ফাৰহানা খানম আৰু তেওঁৰ স্বামীয়ে কাঠলিছেড়াৰ বিধায়ক সুজাম উদ্দিন লস্কৰৰ বাসগৃহত গৈ উপস্থিত হয় । কিন্তু এইগৰাকী ফাৰহানা খানমৰ এখন ফটো আৰু ভিডিঅ'ই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ হাইলাকান্দিত। ফাৰহানা খানম আৰু তেওঁৰ স্বামী মাছুম আহমদে বিধায়ক সুজাম উদ্দিন লস্কৰৰ ভৰি-হাত ধৰি কান্দি থকাৰ এটা ভিডিঅ' ভাইৰেল হোৱাৰ পাচৰ পৰাই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
ইপিনে এই সমগ্ৰ ঘটনাটোক স্থানীয় একাংশ ৰাইজে বিধায়কৰ "গুণ্ডাৰাজ" বুলি আখ্যা দিছে । লগতে এগৰাকী মহিলা জনপ্ৰতিনিধিৰ শালীনতা হানিৰ অপৰাধত বিধায়কৰ বিৰুদ্ধে শাস্তি মূলক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ।