হাইলাকান্দি, 30 জানুৱাৰী : আধাৰ কাৰ্ড বনোৱাৰ নামত একাংশ বিষয়াই সৰ্ব-সাধাৰণ ৰাইজক কৰিছে হাৰাহস্তি ৷ যেতিয়াই মন য়ায় তেতিয়াহে আধাৰ কাৰ্ড বনোৱা কাৰ্যালয়ত উপস্থিত হয় কৰ্মচাৰী ৷ কৰ্মচাৰীৰ অপেক্ষাত প্ৰত্যেক দিনাই বোন্দাপৰ দিব লগা হয় সৰ্বসাধাৰণ ৰাইজ ৷ কিন্তু এইবোৰলৈ ভূক্ষেপ নাই আধাৰ কাৰ্ড বনোৱা কৰ্মচাৰীৰ ৷
শনিবাৰে আধাৰ কাৰ্ড বনোৱাৰ নামত উত্তপ্ত হয় হাইলাকান্দিৰ বিজ্ঞান মন্দিৰৰ আধাৰ চেন্টাৰ ৷
চৰকাৰী নিৰ্দেশ অনুসৰি হাইলাকান্দিৰ বিজ্ঞান মন্দিৰ চেন্টাৰত আধাৰ কাৰ্ড বনোৱা কাৰ্যালয় সংস্থাপন কৰা হৈছে ৷ মাত্ৰ নামতহে থকা আধাৰ কাৰ্ড বনোৱা কাৰ্যালয়ত ভৰ দুপৰীয়ালৈকে উপস্থিত নহয় কোনো কৰ্মচাৰী ৷ শনিবাৰেও কৰ্মচাৰীৰ অপেক্ষাত হাইলাকান্দিৰ ৰাইজ ক্ষুভিত হৈ পৰে ৷ উপায়ন্তৰ হৈ ক্ষুভিত ৰাইজে হাইলাকান্দিৰ বিজ্ঞান মন্দিৰৰ আধাৰ চেন্টাৰত কৰ্মচাৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ওলমাই দিলে তলা ৷
পৰৰ্ৱতী পৰ্যায়ত ঘটনাস্থলীত দণ্ডাধীশ আৰু আৰক্ষী উপস্থিত হোৱাতহে পৰিস্থিতি কিছু সাম কাটে ৷ আগন্তুক দিনত আধাৰ কাৰ্ডৰ কৰ্মচাৰীৰ দ্বাৰা এনে গাফিলতি নহ’ব বুলি আশ্বাস প্ৰদান কৰে আৰক্ষীয়ে ৷ উল্লেখ্য যে, আৰক্ষীয়ে এই সন্দৰ্ভত চোকা দৃষ্টি ৰাখিব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে ৷
লগতে পঢ়ক : বৰপেটাৰোডত চি পি আই এমৰ বিশাল পদযাত্ৰা