ETV Bharat / state

অসমৰ শান্তিৰ বাবে এইবাৰ পাৰ চৰাই উৰুৱালে জুবিন গাৰ্গে

author img

By

Published : May 3, 2019, 5:54 PM IST

বৃহস্পতিবাৰে গোলাঘাটৰ এক সংগীতানুষ্ঠানত অসমৰ শান্তি কামনা কৰি পাৰ চৰাই উৰুৱালে অসমৰ জনতাৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গে ।

অসমৰ শান্তিৰ বাবে এইবাৰ পাৰ চৰাই উৰুৱালে জুবিন গাৰ্গে

গোলাঘাট,৩ মে': বৃহস্পতিবাৰে গোলাঘাটত অনুষ্ঠিত হয় জুবিনৰ সংগীতানুষ্ঠান । এই অনুষ্ঠানতে অসমৰ শান্তিৰ বাবে পাৰ চৰাই উৰুৱাই জুবিন গাৰ্গে । অনুষ্ঠানত প্ৰথমবাৰৰ বাবে মঞ্চত জুবিন গাৰ্গে কাঞ্চনজংঘাৰ গীত পৰিৱেশন কৰাৰ লগতে কাঞ্চনজংঘা চলচ্চিত্ৰৰ প্ৰচাৰো কৰে গৰিমা গাৰ্গে । অনুষ্ঠানৰ মাজতে পত্নী গৰিমাৰ সৈতে ৰসাল কথা পাতে আৰু কয় যে, জুবিন আৰু গৰিমায়ে পৃথকে পৃথকে গাড়ীত আহে । কাৰণ জুবিনে য'তে ত'তে ৰয়, য'ত মন যায় ততে খায় যাৰবাবে গৰিমাৰ অসুবিধা হয়, সেইবাবেই একেখন গাড়ীত নাহে দুয়ো । গানৰ লগতে এইদৰে ৰসাল বাৰ্তালাপে আহ্লাদিত কৰে উপস্থিত অনুৰাগীক।

অসমৰ শান্তিৰ বাবে এইবাৰ পাৰ চৰাই উৰুৱালে জুবিন গাৰ্গে

উল্লেখ্য যে, গোলাঘাটৰ এই অনুষ্ঠানতে অসমৰ বিশিষ্ট বিহু গায়ক শিল্পী বিপুল চেতিয়া ফুকনলৈ আগবঢ়োৱা হয় ২০১৯ বৰ্ষৰ ধনশিৰি উপত্যকা বঁটা ।অনুষ্ঠানত উপস্থিত থাকে ড০ পৰমানন্দ ৰাজবংশী, লুৰীণজ্যোতি গগৈ, মন্ত্ৰী অতুল বৰা, অভিনেত্ৰী মৃদুলা বৰুৱাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি ।

Intro:গোলাঘাটত জুবিনৰ সংগীতানুষ্ঠান, সংগীতানুষ্ঠানত অসমৰ শান্তিৰ বাবে পাৰ চৰাই উৰুৱাই জুবিনে। কাঞ্চনজংঘা ছবিৰ প্ৰথম প্ৰমোচন কৰে গোলাঘাটত। জুবিন আৰু পত্নী গৰিমায়ে আহে বেলেগ বেলেগ গাড়ীত কাৰণ জুবিনে য'ত ত'ত ৰয়, য'তে মন যায় ততে খাই সেইবাবে অসুবিধা হয় পত্নী গৰিমাৰ। জুবিনৰ সংগীতানুষ্ঠানত প্ৰাণ খুলি নাচিলে গোলাঘাটৰ যুৱক যুৱতীয়ে। এই অনুষ্ঠানতে বিপুল চেতিয়া ফুকনক প্ৰদান কৰা হয় ধনশিৰি উপত্যকা বঁটা ২০১৯।

Body:গোলাঘাটত কেন্দ্ৰীয় ৰঙালী বিহুৰ শেষৰ আকৰ্ষণ আছিল জুবিন গাৰ্গৰ সংগীতানুষ্ঠান। জুবিনে এই অনুষ্ঠানতে ৬ ছেপ্তেম্বৰত মুক্তি লাভ কৰিবলগীয়া কাঞ্চনজংঘা ছবিৰ প্ৰমোচন কৰাৰ উপৰিও ছবিখনৰ এটা গীত পৰিৱেশন কৰে। পত্নী গৰিমাৰ লগত কিছু ৰসাল কথা পতাৰ পিছতেই কয় জুবিন আৰু গৰিমায়ে পৃথকে পৃথকে গাড়ীত আহে। কাৰণ জুবিনে য'তে ত'তে ৰই, য'ত মন যায় ততে খায় যাৰবাবে গৰিমাৰ অসুবিধা হয়, সেইবাবেই একেখন গাড়ীত নাহে। জুবিনে সংগীতানুষ্ঠানৰ মাজতেই অসমৰ শান্তিৰ বাবে এজুৰা পাৰ চৰাই উৰুৱাই। অসমৰ এগৰাকী শিল্পীয়ে এইদৰেই অসমৰ শান্তিৰ বাবে পাৰ চৰাই উৰুৱাইছিল বুলি কৈই কয় শিল্পী গৰাকীয়ে এবাৰ পাৰ চৰাই নাপাই ব্ৰইলাৰ মুৰ্গী পোৱালিয়েই উৰুৱাই। মাজুলীৰ বাবে পোন্ধৰ বছৰ আগতেই চিন্তা কৰিছিল জুবিনে। এই পোন্ধৰ বছৰ সময়ত মন্ত্ৰীও নহলে মুখ্যমন্ত্ৰী ও নহল। কিন্তু আজিও মুখ্যমন্ত্ৰীৰ দৰে আছো বুলি কয় জুবিনে।

Conclusion:সংগীতানুষ্ঠানৰ প্ৰথমতে অসমৰ বিশিষ্ট বিহু গায়ক শিল্পী বিপুল চেতিয়া ফুকনলৈ আগবঢ়োৱা হয় ধনশিৰি উপত্যকা বঁটা ২০১৯। অনুষ্ঠানত উপস্থিত থাকে ড০ পৰমানন্দ ৰাজবংশী, লুৰীণজ্যোতি গগৈ, মন্ত্ৰী অতুল বৰা, অভিনেত্ৰী মৃদুলা বৰুৱাকে ধৰি বহু বিশিষ্ট ব্যক্তি।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.