গোলাঘাট,15 মাৰ্চ: গোলাঘাটত বিদ্যুৎ বিভাগৰ চৰম অৰাজকতা । বিল পৰিশোধ কৰাক লৈ সাধাৰণ গ্ৰাহকক হাৰাশাস্তি বিভাগৰ । এটা পৰিয়ালকে তিনি মাহত ত্ৰিশৰ পৰা চল্লিশ হাজাৰ টকা বিল প্ৰদান বিদ্যুৎ বিভাগৰ ।
গোলাঘাট বিদ্যুৎ সংমণ্ডলৰ অন্তৰ্গত যোৰীয়াদলঙৰ মধুবনৰ নিবাসী অঞ্জলি ফুকনৰ তিনিমাহৰ বিল ৩৩,০২০ টকা, গুলামপট্টীৰ দুলুমণি দাসৰ তিনিমাহৰ বিল ৪০,৫৪২ টকা অহাত হতভম্ব হৈ পৰে পৰিয়াল দুটা । বিদ্যুৎ বিভাগৰ এনে কাণ্ড দেখি হাহাকাৰ সৃষ্টি হয় সাধাৰণ গ্ৰাহকৰ মাজত ।
উল্লেখ্য যে, গোলাঘাট বিদ্যুৎ সংমণ্ডলৰ অন্তৰ্গত প্ৰায় কেইঘৰতে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ সাধাৰণ ৰাইজক হাৰাশাস্তি কৰি অহাৰো অভিযোগ উত্থাপিত হৈছে ৰাজ্যৰ বিদ্যুৎ বিভাগৰ বিভাগৰ বিৰুদ্ধে । যাক লৈ ক্ষোভিত হৈ পৰিছে গ্ৰাহকসকল ৷
ভূক্তভোগী গ্ৰাহকৰ দাবী, যদি বিভাগে ইয়াৰ বাবে বিদ্যুৎ কৰ্তন কৰে তেন্তে পৰিস্থিতি অতি ভয়াৱহ হ’ব ৷ উল্লেখ্য যে, বিদ্যুৎ বিভাগৰ এইধৰণৰ আজৱ কৰ্ম-কাণ্ড বন্ধ কৰিবলৈ সচেতন মহলে দাবী জনাইছে ।
লগতে পঢ়ক: ৰঙিয়াৰ এগৰাকী প্ৰাৰ্থীৰ ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ