ETV Bharat / state

EZZY Bazar Scam: ম্যাদ উকলি যোৱা সামগ্ৰী বিক্ৰী কৰা ইজি বজাৰত ওলমিল তলা

author img

By

Published : Jul 21, 2022, 10:32 PM IST

বোকাখাতৰ ইজি বজাৰত লাগিল গণ্ডগোল ৷ ম্যাদ উকলি যোৱা সামগ্ৰী বিক্ৰী কৰি গ্ৰাহকক ৰামঠগন ইজি বজাৰৰ (Sale of expired goods in EZZY bazar) ৷

Sale of expired goods in EZZY bazar
ম্যাদ উকলি যোৱা সামগ্ৰী বিক্ৰী কৰা ইজি বজাৰত ওলমিল তলা

বোকাখাত, 21 জুলাই: ইজি বজাৰৰ পৰা সামগ্ৰী ক্ৰয় কৰোতে সাৱধান হওক ৷ বোকাখাতৰ ইজি বজাৰত লাগিল গণ্ডগোল ৷ ম্যাদ উকলি যোৱা সামগ্ৰী বিক্ৰী কৰি গ্ৰাহকক ৰামঠগন ইজি বজাৰৰ (Sale of expired goods in EZZY bazar) ৷ বোকাখাতৰ ইজি বজাৰত ম্যাদ উকলি যোৱা সামগ্ৰী বিক্ৰী কৰি গ্ৰাহকক ঠগন দিয়া ঘটনাই বোকাখাতবাসীৰ চকু কঁপালত তুলিছে (EZZY bazar scam at Bokakhat) ৷

দীৰ্ঘদিন ধৰি শ্বপিং মলটোত বিক্ৰী কৰি আহিছে সৰু ল'ৰা-ছোৱালীৰ ম্যাদ উকলা খাদ্য সামগ্ৰী । ম্যাদ উকলা সামগ্ৰী বিক্ৰীৰ লগতে ইজি বজাৰৰ ব্যৱসায় অনুজ্ঞাপত্ৰ নথকাৰ উপৰিও নাই অগ্নি নিৰ্বাপক প্ৰতিৰোধৰ সঁজুলি আৰু শ্ৰমিকৰ অনুজ্ঞা পত্ৰও ৷ শেহতীয়াকৈ এগৰাকী গ্ৰাহকে প্ৰতিষ্ঠানখনৰ পৰা চাবু দানাৰ পেকেটকে ধৰি শিশু সামগ্ৰী কেইটামান ক্ৰয় কৰিছিল ৷ কিন্তু গ্ৰাহকগৰাকীয়ে ঘৰলৈ গৈ সামগ্ৰীকেইটাৰ ম্যাদ উকলা দেখি পৌৰসভাত প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে ৷

বোকাখাতৰ মাজমজিয়াতে থকা ব্যৱসায় প্ৰতিষ্ঠানখনত বুধবাৰে বিয়লি পৌৰসভাৰ (Bokakhat municipality board) সহযোগত খাদ্য আৰু সুৰক্ষা সেৱাৰ যুটীয়া সহযোগত অভিযান চলায় ৷ এই অভিযানত অভিযানকাৰী দলদ্বয়ে ভালেকেইটা ম্যাদ উকলা সামগ্ৰী উদ্ধাৰ কৰে ৷

জিলাৰ দণ্ডাধীশগৰাকীয়ে এই অভিযান সন্দৰ্ভত সংবাদমাধ্যমৰ আগত কয়, "আমি গ্ৰাহকৰ পৰা এটা অভিযোগ পাইছিলো যে তেওঁ চাবু দানাৰ পেকেটকে ধৰি শিশু সামগ্ৰী কেইটামান লৈছিলে ৷ সেইখিনি ম্যাদ উকলি যোৱা সামগ্ৰী আছিলে ৷ অৱশেষত বিষয়টো বোকাখাত মহকুমা প্ৰশাসনক অৱগত কৰাত বোকাখাত পৌৰসভা আৰু মহকুমা প্ৰশাসনে ব্যৱসায়ী প্ৰতিষ্ঠানৰ ওপৰত তদন্ত কৰা প্ৰতিষ্ঠানটোৰ বহুখিনি আসোঁৱাহ ধৰা পেলায় ৷ বোকাখাত পৌৰসভাৰ সহযোগত খাদ্য আৰু অসমাৰিক সেৱাৰ যুটীয়া সহযোগত অভিযান চলাই ইয়াত ভালেকেইটা সামগ্ৰীৰ ম্যাদ উকলা পৰিলক্ষিত হয় ৷ লগতে তেওঁলোকৰ পৌৰসভাৰ অনুজ্ঞাপত্ৰও বাতিল হৈছে’’ ৷

তেওঁ আৰু কয়, ‘‘অন্যান্য যাৱতীয় প্ৰক্ৰিয়াসমূহো তেওঁলোকে পালন কৰা নাই ৷ সেইসমূহৰ ওপৰত ভিত্তি কৰি আমি প্ৰতিষ্ঠানখন তিনিদিনিৰ বাবে বন্ধ কৰি দিছো ৷ প্ৰতিষ্ঠানখনত থকা সকলো সামগ্ৰী খাদ্য সুৰক্ষা বিভাগে পৰীক্ষা কৰি ৰিপোৰ্ট দাখিল কৰাৰ পিছতহে বিভাগীয় কৰ্তৃপক্ষই দোকানখনৰ পৰৱৰ্তী পৰ্যায়ৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব ৷ পৌৰসভা বিভাগেও দোকানখনৰ বিৰুদ্ধে জৰিমনা বিহিছে" ৷

ইফালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত বোকাখাত পৌৰসভাৰ পৌৰপতিগৰাকীয়ে কয়, "প্ৰতিষ্ঠানখনৰ ব্যৱসায় অনুজ্ঞাপত্ৰ ধৰি, খাদ্য আৰু সুৰক্ষা সেৱাৰ অনুজ্ঞাপত্ৰ লগতে অগ্নি নিৰ্বাপক প্ৰতিৰোধৰ সঁজুলিৰ লগতে শ্ৰমিকৰ অনুজ্ঞাপত্ৰও নাই ৷ প্ৰতিষ্ঠানখনত থকা বহু সামগ্ৰীৰ ম্যাদ উকলি গৈছে ৷ আমি দোকান কৰ্তৃপক্ষৰ পৰা সামগ্ৰীসমূহৰ তালিকা বিচাৰিছো যাতে আমি সামগ্ৰীসমূহ পৰীক্ষা কৰিব পাৰো ৷ প্ৰতিষ্ঠানখনৰ ওপৰত জৰিমনা 1000 ৰ পৰা 2000 টকা পৰ্যন্তক জৰিমনা বিহিব পাৰি৷ আনকি দোকানখনৰ ওপৰত গোচৰ তৰিলে 6 মাহ পৰ্যন্ত জেইল হ'ব ৷"

অৱশেষত পৌৰসভাৰ তৰফৰ পৰা জৰিমনা বিহাৰ লগতে দণ্ডাধীশৰ উপস্থিতিত 3 দিনৰ বাবে বন্ধ কৰি দিয়ে বোকাখাতৰ ব্যৱসায় প্ৰতিষ্ঠানখন (EZZY bazar closed down for 3 days) ৷

লগতে পঢ়ক: চিকিৎসালয়ৰ কোঠাত ওলাইছে দমে দমে ম্যাদ উকলা দৰৱ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.