ETV Bharat / state

দুচকু সেমেকি উঠা এটি কণমানিৰ কৰুণ গাঁথা

author img

By

Published : Sep 10, 2019, 4:19 PM IST

জীৱন যুঁজৰ চূড়ান্ত নিদৰ্শন ৷ পখিলা খেদি ফুৰা বয়সতে নিষ্ঠুৰ বাস্তৱৰ মুখামুখি হৈ দৃষ্টিহীন মাতৃৰ ভৰণ-পোষণৰ বাবে চাপৰিৰ পৰা শাক-পাচলি বুটলি বজাৰত বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছে পংকজে ৷

দুচকু সেমেকি উঠা এটি কণমানিৰ কৰুণ গাথা

গোলাঘাট,10 ছেপ্তেম্বৰঃ উচুপি উঠিছে কণমানিটোৱে... কাৰণ চৰকাৰৰ আচঁনিয়ে ঢুকি নোপোৱা দুৰ্ভগীয়া পংকজৰ কাষত নাই মাতৃৰ চিকিৎসাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ধন ৷ মাতৃৰ দায়িত্ব,নিজ শিক্ষাৰ দায়িত্ব অকলে বহন কৰা পংকজৰ বাবে জীৱনটো হৈ পৰিছে বৃহৎ প্ৰত্যাহ্বান ৷ তৎসত্বেও থমকি ৰোৱা নাই কিশোৰটি ৷ মাতৃ স্নেহৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা পংকজক সহায় কৰিবলৈ আগুৱাই আহিবনে পৰিৱৰ্তকামী চৰকাৰ অথবা কোনো সদাশয় ব্যক্তি...সবিশেষ চাওক এই প্ৰতিবেদনত....

দুচকু সেমেকি উঠা এটি কণমানিৰ কৰুণ গাথা

গোলাঘাট,10 ছেপ্তেম্বৰঃ উচুপি উঠিছে কণমানিটোৱে... কাৰণ চৰকাৰৰ আচঁনিয়ে ঢুকি নোপোৱা দুৰ্ভগীয়া পংকজৰ কাষত নাই মাতৃৰ চিকিৎসাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ধন ৷ মাতৃৰ দায়িত্ব,নিজ শিক্ষাৰ দায়িত্ব অকলে বহন কৰা পংকজৰ বাবে জীৱনটো হৈ পৰিছে বৃহৎ প্ৰত্যাহ্বান ৷ তৎসত্বেও থমকি ৰোৱা নাই কিশোৰটি ৷ মাতৃ স্নেহৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা পংকজক সহায় কৰিবলৈ আগুৱাই আহিবনে পৰিৱৰ্তকামী চৰকাৰ অথবা কোনো সদাশয় ব্যক্তি...সবিশেষ চাওক এই প্ৰতিবেদনত....

দুচকু সেমেকি উঠা এটি কণমানিৰ কৰুণ গাথা
Intro:এটা দুৰ্ভগীয়া পৰিয়াল। পৰিয়ালটোৰ পোহপালৰ দায়িত্ব এটি ১২ বছৰীয়া শিশুৰ। পখিলা খেদাৰ বয়সত কণমানি টোৱে দায়িত্ব লৈছে নিজ ঘৰ চলোৱাৰ। সপ্তাহটোৰ এটা দিনত ব্যৱসায় কৰি ৬ টা দিনেই চৌকাৰ জুই নুমাবলৈ নিদিয়ে কণমানি টোৱে। চাপৰি বা পথৰ দাঁতিৰ পৰা বুটলি অনা শাক, ঔটেঙা বিক্ৰী কৰি ক্ষুধা নিবাৰণ কৰিছে পৰিয়ালৰ। চাওক দুৰ্ভগীয়া পৰিয়াল টোৰ এক প্ৰতিবেদন।Body:গোলাঘাট থুৰামুখ কাঠকটীয়া গাওঁৰ এই কণমানি টোৰ নাম পংকজ গগৈ। এগৰাকী দুৰ্ভগীয়া মাতৃৰ পুত্ৰ এই পংকজ। দুৰ্ভাগ্যই লগ নেৰা স্বামীহাৰা এই মহিলা গৰাকীৰ নাম ভনী গগৈ। মহিলা গৰাকীৰ একমাত্ৰ ১২ বছৰীয়া পংকজ গগৈয়ে বৰ্তমান পৰিয়ালটোৰ পোহপালৰ দায়িত্ব বহন কৰি আহিছে। চাপৰি নতুবা পথৰ দাঁতিৰ কচু, ঢেকীয়া, ঔটেঙা বুটলি বজাৰত বিক্ৰী কৰি পেট প্ৰৱত্তাই আহিছে পংকজে। ষষ্ঠ শ্ৰেণীত পঢ়ি থকা পংকজে এতিয়া বিদ্যালয়লৈ যোৱাৰ লগতে চলাব লগা হৈছে ঘৰ। বৰ্তমান পংকজৰ মাতৃ ভণী গগৈয়ে চকুৰে একো নেদেখা হৈছে। উপযুক্ত চিকিৎসাৰ বাবে নাই ধন। অসম মেডিকেল কলেজ ডিব্ৰুগড়ত চিকিৎসা কৰিছিল যদিও গুৱাহাটীৰ নেত্ৰালয়লৈ উন্নত চিকৎসাৰ বাবে যাবলৈ পৰামৰ্শ প্ৰদান কৰে। এই দুৰ্ভগীয়া মহিলা গৰাকীৰ এই কাহিনী এতিয়া চছিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে যদিও এই পৰ্যন্ত উপযুক্ত চিকিৎসাৰ বাবে কোনো সহাৰি লাভ কৰা নাই। ভণী গগৈৰ স্বামী এক ৰ্দুঘটনাত পংকজৰ জন্মৰ এবছৰৰ পিছতে মৃত্যু হৈছিল। যোৱা কিছু বছৰৰ পূৰ্বলৈকে মহিলা গৰাকীৰ চকু ঠিকেই আছিল যদিও পথাৰত ধান দাই থাকোতেই অকস্মাত আঘাত পাইছিল চকুত, বৰ্তমান একো নেদেখা হৈছে। যাৰবাবে ১২ বছৰীয়া পংকজে হাবিৰ বনৰীয়া কচু-ঢেকীয়া বজাৰত বিক্ৰী কৰি মাক আৰু নিজৰ পেটৰ ভাত মুঠি যোগাৰ কৰি ল'ব লগা হৈছে। আনকি সেই পইছাৰেই ল'ৰাটিয়ে নিজৰ পঢ়াৰ কিতাপ টিউচন আদিৰ খৰচ বহন কৰিব লগা হৈছে। যিটো পৰিয়ালক আজি লৈকে কোনো ধৰণৰ চৰকাৰী আচঁনিয়ে ঢুকী পোৱা নাই। সেই ৰ্দুভগীয়া পৰিয়ালটোৰ অকনমান সহাৰি জনাবলৈ কোনোবা আগবাঢ়ি আহিবনে। মহিলা গৰাকীৰ চকুজুৰিৰ উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ কোনো সদাশয় আগবাঢ়ি আহিবনে বুলি ৰাইজৰ প্ৰশ্ন।Conclusion:Byte 1: পংকজ গগৈ।
Byte 2: মাতৃ, ভনী গগৈ।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.