ETV Bharat / state

গৌৰৱ গগৈ নহয়, ৰাহুল গান্ধী আহিলেও নিৰ্বাচনত জয়ী নহয় কংগ্ৰেছ : হাগ্ৰামা মহিলাৰী

author img

By

Published : Apr 6, 2019, 10:41 PM IST

গোলাঘাটৰ তেলীশালত কলিয়াবৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী,অতুল বৰা, চন্দন ব্ৰহ্মৰ লগতে বিশ্বজিৎ দৈমাৰীয়ে ।

হাগ্ৰামা মহিলাৰীৰ প্ৰচাৰ অভিযান

গোলাঘাট, 6 এপ্ৰিল : গৌৰৱ গগৈ নহয়, ৰাহুল গান্ধী আহিলেও নিৰ্বাচনত জয়ী নহয় কংগ্ৰেছ ৷ বি পি এফক ভোট নিদিবলৈ আহ্বান জনাই কোকৰাঝাৰৰ পৰা চোৰৰ দৰে পলাই হাৰিলে অখিল গগৈয়ে ৷ অখিল গগৈয়ে কোকৰাঝাৰক উজনি অসম বুলি ভাবিছিল । শনিবাৰে গোলাঘাটৰ তেলীশালত কলিয়াবৰৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এনেদৰে মন্তব্য কৰে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷
বিজেপি চৰকাৰে কাম কৰিবলৈ সুবিধা দিছে, কেৱল বড়ো বুলিয়েই নহয় সকলোৱে লাভ কৰিছে সুবিধা । ১০০ শতাংশই কেন্দ্ৰত নৰেন্দ্ৰ মোডীৰ চৰকাৰ হ'ব আৰু ৰাজ্যত সৰ্বানন্দ সোণোৱালৰ চৰকাৰ হ'ব, যাৰ বাবে এইবেলি নিৰ্বাচনত সভাত উপস্থিত সকলোকে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তক ভোট দিবলৈ আহ্বান জনায় হাগ্ৰামা মহিলাৰীয়ে ।

হাগ্ৰামা মহিলাৰীৰ প্ৰচাৰ অভিযান

ইউনাইটেড বড়ো পিপ'লচ অৰ্গেনাইজেচন গোলাঘাট জিলা কমিটিয়ে আয়োজন কৰা উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত অগপ সভাপতি মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ প্ৰচাৰ চলায় অতুল বৰা, চন্দন ব্ৰহ্মৰ লগতে বিশ্বজিৎ দৈমাৰীয়ে ৷ ইপিনে উক্ত সভাতে ভাষণ প্ৰদান কৰি মোডী বন্দনাৰে পঞ্চমুখ হৈ পৰা মন্ত্ৰী অতুল বৰাই এফালৰ পৰা কৰি গ'ল গৌৰৱ গগৈক সমালোচনা ৷ নাগালেণ্ড সীমান্তৱৰ্তী ৰাইজৰ দুখৰ কথা,খাতি খোৱা মানুহৰ মনৰ কথা সোণৰ চামুচ মুখত লৈ জন্মা গৌৰৱ গগৈয়ে বুজি নোপোৱাৰ লগতে সংসদত কোনো এটা বিষয় বলিষ্ঠভাৱে উপস্থাপন কৰিব নোৱাৰিলে বুলিও গৌৰৱ গগৈক কটাক্ষ কৰে ৷

Golaghat 06.04.2019
SLUG: GOLAGHAT HAGRAMA MAHILARI
A_GLT_801_6APRIL_GOLAGHAT_HAGRAMA_MAHILARI_VISUAL_SPEECH_BYTE_DIGSNTA_SAHU
O.C. : অখিল গগৈ কোকৰাঝাৰৰ পৰা চোৰৰ দৰে পলাই হাৰিলে, কোকৰাঝাৰত  বিপিএফক ভোট নিদিবলৈ আহ্বান জনাইছিল অখিলে। অখিল গগৈয়ে উজনি অসম বুলি ভাবিছিল কোকৰাঝাৰক। গৌৰৱ গগৈয়ে নহয় ৰাহুল গান্ধীয়েও নিৰ্বাচন খেলিলে হাৰিব। কলিয়াবৰ লোকসভা সমষ্টিৰ গোলাঘাটৰ কাছমাৰি তেলীশালত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি এইদৰে কয় হাগ্ৰামা মহিলাৰীয়ে। 
V.O. :  কলিয়াবৰ লোকসভা সমষ্টিৰ গোলাঘাটত হাগ্ৰামা মহিলাৰী, অতুল বৰা, চন্দন বৰ্হ্ম, বিশ্বজিৎ দৈমাৰীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। গোলাঘাটৰ তেলীশালত কলিয়াবৰৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিটিএডি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু বহু কেইজন মিত্ৰজোঁটৰ নেতা। ইউনাইটেড বড়ো পিপ'লচ অৰ্গেনাইজেচন গোলাঘাট জিলা কমিটিৰ উদ্যোগত আয়োজন কৰা হয় এই নিৰ্বাচনী প্ৰচাৰ সভা। বিটিএডি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ভাষণত কয় মাটিৰ পট্টায়ে এটা প্ৰধান সমস্যা, আমি কংগ্ৰেছৰ লগত ১৫ বছৰ থকাৰ সময়ত এই দায়িত্ব দিয়া নাছিল, কিন্তু সৰ্বানন্দ সোণোৱাল আৰু নৰেন্দ্ৰ মোদীয়ে এই সুবিধা প্ৰদান কৰিছে। এই চৰকাৰে আমাক কাম কৰিবলৈ সুবিধা দিছে, কেৱল বড়ো বুলিয়েই নহয় সকলোৱে সুবিধা লাভ কৰিছে। ১০০ শতাংশয়ে কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ চৰকাৰ হ'ব আৰু ৰাজ্যত সৰ্বানন্দ সোণোৱালৰ চৰকাৰ হ'ব, যাৰ বাবে সকলোকে মণিমাধৱ মহন্তক ভোট দিবলৈ আহ্বান জনায় হাগ্ৰামা মহিলাৰীয়ে। ছয় জনগোষ্ঠীৰ ক্ষেত্ৰত কংগ্ৰেছে ঠগি আছিল। এতিয়া বিজেপি মিত্ৰজোঁটৰ চৰকাৰে এই বিষয় সমূহত অগ্ৰাধিকাৰ দিছে। কংগ্ৰেছ নাইবা আন কোনোৱে নকৰে ৰাইজৰ কাম। অখিল গগৈয়ে নামনি অসমত গৈ বিপিএফক ভোট দিব নালাগে বুলি কৈছিল, অখিলে গম পোৱা নাছিল এইটো উজনি অসম নহয়, নামনি অসম। চোৰৰ দৰে পলাই আহিল অখিল গগৈ। ইয়াত গৌৰৱ গগৈয়ে নহয় ইয়াত যদি ৰাহুল গান্ধীয়েও নিৰ্বাচন খেলে তেন্তে হাৰিব। মন্ত্ৰী অতুল বৰায়ে ভাষণত কয় হাগ্ৰামা মহিলাৰীয়ে শিপা ডাল পহৰা নাই, গোলাঘাটৰ বড়ো অধ্যুষিত অঞ্চলত আহি নিৰ্বাচনী প্ৰচাৰ চলাইছে। মোদীক আমি আকৌ এবাৰ প্ৰধানমন্ত্ৰী হিচাপে বিছাৰিছো। কংগ্ৰেছ ৰাইজৰ পৰা বহু দূৰলৈ আঁতৰি গৈছে। বহু সময় ধৰি শাসনত থকা কংগ্ৰেছ দলে জনতাক প্ৰতাৰণা কৰিছে। দেশৰ উন্নয়ন আৰু সুৰক্ষাৰ ক্ষেত্ৰত কৰা অৱদানৰ বাবে মোদীক শলাগ লয় অতুল বৰায়ে। সোনৰ চামুচ মুখত লৈ জন্ম লাভ কৰা গৌৰৱ গগৈয়ে নাগালেণ্ড সীমান্তৱৰ্তী ৰাইজৰ দুখৰ কথা কি বুজিব। সংসদত কোনো এটা বিষয় বলিষ্ঠভাৱে উপস্থাপন কৰিব নোৱাৰিলে গৌৰৱ গগৈয়ে। খাতি খোৱা মানুহৰ বিষয়ে কি জানিব জন্মতে সোনৰ চামুচ মুখত লৈ জন্ম গ্ৰহণ কৰা গৌৰৱ গগৈয়ে। কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ বিষয়ে ভাষণত আগবঢ়ায়, মাটিৰ পট্টা নথকাৰ বাবে সীমান্তৱৰ্তী অঞ্চলত আঁচনিৰ সুবিধা লাভ নকৰাকৈ বিষয়টো ঠিক কৰি সহজতে আঁচনি সমূহ লাভ কৰিব বুলি জনায়। মনোনীত প্ৰাৰ্থী মাধৱ মহন্তয়ে ভাষণৰ প্ৰথমতে বড়ো ভাষাত সকলোকে নমস্কাৰ জনাই কয় চবকা চাথ চবকা বিকাশ নৰেন্দ্ৰ মোদীৰ ইচ্ছুৰে চৰকাৰ গঠন কৰিব মিত্ৰজোটে। অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ বিভিন্ন দিশৰ বিষয়ে সংসদত উপস্থাপন নকৰিলে গৌৰৱ গগৈয়ে। কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ কথা সংসদত উপস্থাপন কৰাৰ বিপৰীতে ৰাহুল গান্ধীৰ লগত ব্যস্ত থাকিল। কলিয়াবৰ লোকসভা সমষ্টিৰ উন্নয়নৰ বাবে নৰেন্দ্ৰ মোদীয়ে ২৫ কোটি দিছিল, কিন্তু উন্নয়নৰ ১৩কোটি ৬০ লাখ টকা ঘূৰি গ'ল। গৌৰৱ গগৈয়ে ৰাইবৰেলি আৰু অমেঠি কথা কৈ থোকোতেই পাৰ হ'ল সময়। ইয়াৰ উপৰিও মন্ত্ৰী চন্দন বৰ্হ্ময়ে ভাষণত কয় এনডিএ চৰকাৰ গঠনৰ বাবে যি সমৰ্থন আহিছে কোনেও বাধা দিব নোৱাৰে। অসমক উন্নয়নৰ প্ৰতি লক্ষ্য কৰি অসমত কেইবাখনো বিশ্ববিদ্যালয়, ইঞ্জিনিয়াৰিং কলেজৰ লগতে ব্ৰহ্মপুত্ৰৰ ওপৰত কেইবাখনো দলঙৰ কাম আৰম্ভ কৰিছে উদ্বোধন কৰিছে। চাহ শ্ৰমিকক বিনামূলীয়া চাউল দিয়া আৰু বিভিন্ন আঁচনিৰ কথা ভাষণত আগবঢ়ায়। বিশ্বজিৎ দৈমাৰীয়ে অগপ, বিজেপি বিপিএফে বহু আঁচনিৰ জৰিয়তে উন্নয়ন মূলক কাম কৰিছে বুলি কয়। বড়ো আৰু অসমীয়া ভাষাত ভাষণ প্ৰদান কৰে ৰাজ্য সভাৰ সাংসদ গৰাকীয়ে।
Byte 1: হাগ্ৰামা মহিলাৰী
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট Etv Bharat অসম।

Visual byte speech send by mojo
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.