ETV Bharat / state

নিবনুৱাৰ সংস্থাপনৰ উদ্দেশ্যে শুভাৰম্ভ "ৰিডম বহুমুখী প্ৰকল্প''

খুমটাইত নিবনুৱাৰ সংস্থাপনৰ বাবে গঢ়ি উঠিছে এক বিশেষ প্ৰকল্প ৷ ইতিমধ্যে প্ৰকল্পটোৰ কাম আৰম্ভ কৰিছে উদ্যোক্তা সকলে ৷

Economy  revolution at khumtai
নিবনুৱাৰ সংস্থাপনৰ উদ্দেশ্যে শুভাৰম্ভ "ৰিডম বহুমুখী প্ৰকল্প''
author img

By

Published : Jul 16, 2020, 7:04 PM IST

খুমটাই, 16 জুলাইঃ গোলাঘাট জিলাৰ খুমটাইৰ কাকডোঙাত "ৰিডম বহুমুখী প্ৰকল্পৰ" উদ্যোগত নিবনুৱা যুৱক সকলক একত্ৰিত কৰি অৰ্থনৈতিক বিপ্লৱ গঢ়ি তুলিবলৈ বহুকেইটা আচনি শুভাৰম্ভ কৰে ।

নিবনুৱাৰ সংস্থাপনৰ উদ্দেশ্যে শুভাৰম্ভ "ৰিডম বহুমুখী প্ৰকল্প''

কৰ'ণা মহামাৰীৰ বাবে বহিঃৰাজ্যৰ পৰা হাজাৰ হাজাৰ যুৱক- যুৱতী নিজৰ কৰ্মসংস্থাপন এৰি অহাৰ ফলত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । এনে সময়তে যুৱক যুৱতী সকলক সহায় কৰিবৰ বাবে আগবাঢ়ি আহিছে বিশিষ্ট সমাজকৰ্মী বৰ্তমান অসম ক্ৰিকেট সন্থাৰ উপসভাপতি পৰীক্ষিত দত্ত,অসম বাছ মালিক সন্থাৰ সভাপতি পূৰ্ণ ৰাজখোৱা,আৰু ৰিডম কৃষি গোটৰ সদস্য সকলৰ উদ্যোগত খুমটাইৰ কাকডোঙা নদীৰ পাৰৰ কলীয়াপানী বচা কুমাৰ অঞ্চলৰ দুইনৈমুখত "ৰিডম বহুমুখী প্ৰকল্প"‌ স্থাপনৰ কাম হাতত লৈছে । পুখুৰী খননৰ জৰিয়তে এই প্ৰকল্পৰ বৃহস্পতিবাৰে শুভাৰম্ভ কৰে ।

বিশিষ্ট সমাজ কৰ্মী পৰীক্ষিত দত্তই কয় যে,মৎস্য উৎপাদনৰ লগতে মাছৰ পোনা আৰু খাদ্য উৎপাদনৰ ক্ষেত্ৰত এখন আধুনিক বহুমুখী পামত কৰিব পৰা সকলোখিনি উৎপাদনমুখী কৰ্ম যেনে জৈৱিক পদ্ধতিৰে বিভিন্ন শস্য‌ আৰু ফল-মূলৰ উৎপাদন,বিভিন্ন প্ৰজাতিৰ ধানৰ উৎপাদন,হাঁহ পালন,কুকুৰা পালন,হাঁহ আৰু কুকুৰাৰ কণী উৎপাদন,বাঁহ-বেতৰ বিভিন্ন সামগ্ৰী উৎপাদন ইত্যাদিৰো ব্যৱস্থা 'ৰিডম বহুমুখী প্ৰকল্প"ৰ জৰিয়তে পালন কৰা হʼব। কৃষি কৰ্মৰ উপৰিও ইয়াৰ লগত জড়িত অন্যান্য আনুসংগিক কাৰ্য যেনে উৎপাদিত সামগ্ৰীৰ পেকেজিং,বিতৰণ,বিপণন আদিৰ ওপৰতো এই প্ৰকল্পই গুৰুত্ব প্ৰদান কৰিব বুলি আয়োজক জনে মতপোষণ কৰে ।

ইয়াৰ জৰিয়তে স্থানীয়ভাৱে উৎপাদিত বিভিন্ন সামগ্ৰীয়ে বজাৰৰ চাহিদা পূৰণ কৰাত সফল হʼব পাৰিব । উল্লেখযোগ্য যে,এই প্ৰকল্পৰ জৰিয়তে নিবনুৱা সমস্যা দূৰীকৰণৰ ক্ষেত্ৰত এক নতুন বাট মুকলি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে । কাৰণ এই প্ৰকল্পৰ অধীনত প্ৰধানকৈ নিবনুৱা তথা বহিঃ ৰাজ্যৰ পৰা ওভতি অহা ব্যক্তিসকলক সামৰি লোৱা হʼব । ইয়াৰ জৰিয়তে এই সকল ব্যক্তি আত্মনিৰ্ভৰশীল হোৱাৰ উপৰিও গ্ৰাম্য অৰ্থনীতিৰ ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰিব ।" ৰিডম বহুমূখী প্ৰকল্পৰ" এনে কাৰ্যৰ বাবে সচেতন নাগৰিক সকলে উদ্যোগক্তা সকলক ধন্যবাদ জনাইছে ।

লগতে পঢ়ক- এই সময়ত বিমান যাত্ৰাই হৈছে সকলোতকৈ সুৰক্ষিত এক যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.