সৰুপথাৰ,15 জুলাঃ ধনশিৰি মহকুমাৰ বিশিষ্ট সমাজকৰ্মী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী দীপ বৰবৰাৰ আকস্মিক বিয়োগ ৷ দেওবাৰে নিশা প্ৰায় 12.20 বজাত নিজা বাসগৃহত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় বৰবৰাৰ ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল 60 বছৰ ৷ তেখেতৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ বৰপথাৰ অঞ্চলত ৷
দীপ বৰবৰাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অনেক গুণ মুগ্ধই তেখেতৰ বাসগৃহলৈ আহি শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনায় ৷ তদুপৰি,প্ৰয়াত দীপ বৰবৰাৰ পাৰ্থিৱ শৰীৰ লৈ বৰপথাৰ নগৰত মৌন সমদল কৰাৰ লগতে তেখেতৰ দ্বাৰা পৰিচালিত অঞ্জলি বৰবৰা মেম'ৰিয়েল একাডেমী,বৰপথাৰ মহাবিদ্যালয়,বৰপথাৰ পৌৰসভা কাৰ্যালয় আৰু তেখেতৰ নিজা চাহ ফেক্টৰীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। জীৱনকালত ,উত্তৰ পূৱ চাহ উৎপাদক সন্থাৰ কাৰ্যকৰী সদস্যৰ উপৰিও বিজেপি সৰুপথাৰ মণ্ডল সমিতিৰ সভাপতি আছিল প্ৰয়াত বৰবৰা ৷