গোলাঘাট, 27 ফেব্ৰুৱাৰীঃ গোলাঘাটত ক'লা পতাকাৰ সন্মুখীন হ'ল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ৷ আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ক'লা পতাকাৰ সন্মুখীন হ'ল বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকী ৷ বৃহস্পতিবাৰে গোলাঘাটৰ এক সাংগঠনিক সভাত অংশগ্ৰহণ কৰিবলৈ গৈছিল সভাপতি গৰাকী ৷ কিন্তু এইবাৰো তেওঁ প্ৰতিবাদকাৰীৰ ক'লা পতাকা প্ৰত্যুত্তৰ দিলে হাতত লৈ থকা গামোচাৰে ৷
উল্লেখ্য যে, গোলাঘাট সমষ্টিৰ অন্তৰ্গত বিজেপিৰ আজিৰ সাংগঠনিক সভাখনত ৮ গৰাকী চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই বিজেপিত যোগদান কৰে ৷
লগতে পঢ়কঃ