বোকাখাত, 31 আগষ্ট : এজন বিশেষভাৱে সক্ষম লোকৰ জীৱন সংগ্ৰাম ৷ পেটৰ ভাতমুঠি মোকলাবলৈ কঠোৰ সংগ্ৰামত ব্ৰতী তেওঁ ৷ শাৰীৰিক বাধাকো নেওচি পৰম্পৰাগত বাঁহ-বেতৰ সামগ্ৰী প্ৰস্তুতেৰে পৰিয়ালটো পোহপাল দি আছে লোকজনে ৷ বাঁহ-বেতৰ সামগ্ৰী বেচি উপাৰ্জন কৰা টকাৰে দুবেলা-দুমুঠি যোগাৰ কৰে এইজন বিশেষভাৱে সক্ষম লোকে ৷
আমি ক’ব বিচাৰিছো বোকাখাতৰ বালিজান নিৱাসী বিশেষভাৱে সক্ষম দয়াৰাম ভূঞাৰ কথা ৷ জন্মৰ পৰাই বিশেষভাৱে সক্ষম দয়াৰাম ভূঞা ৷ এই বাধাৰ বাবে স্কুলীয়া শিক্ষা লাভৰ পৰাও তেওঁ বঞ্চিত হৈ থাকিবলগীয়া হয় ৷ সেয়েহে নিজৰ বাঁহ-বেতৰ সামগ্ৰী প্ৰস্তুত কৰাটোকেই জীৱিকাৰ পথ হিচাপে বাছি লৈছে দয়াৰামে ৷
লগতে পঢ়ক: পেটৰ ভাতমুঠি মোকলাবলৈ এতিয়া চৰকাৰেই একমাত্ৰ ভৰসা
কিয়নো তিনিটাকৈ সন্তান থকা পৰিয়ালটোক এমুঠি অন্নৰ যোগান ধৰিবলৈ এইটোৱেই যে তেওঁৰ হাতত থকা অন্তিমটো পথ ৷ ইফালে ঘৰৰ সন্মুখত সাজি লোৱা এখন দোকান আজিলৈকে আৰম্ভ কৰিব পৰা নাই দয়াৰামে ৷ 2021 চনত স্নায়ৱিক ৰোগত আক্ৰান্ত হৈ শৰীৰৰ নিম্নভাগ বিকল হৈ পৰে দয়াৰামৰ ৷
ইয়াৰ পাচতে স্নায়ৱিক দুৰ্বলতাৰ বাবে তেওঁৰ এখন ভৰি সম্পূৰ্ণৰূপে অকামিলা হৈ পৰে ৷ পৈত্ৰিক ভেটিটোৰ বাহিৰে খেতিৰ বাবে এডোখৰ মাটি নথকা দয়াৰামে আৰ্থিক অনাটনৰ মাজেৰে কঠোৰ আত্মবিশ্বাস ৰাখি বাঁহ-বেতৰ কাম কৰি জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হৈছে ৷
2015 চনৰ পৰাই তেওঁ নিজৰ বাৰীতে থকা বাঁহ কাটি বাঁহৰ পাচি, খৰাহি, ডলা-চালনী, বিচনা আদি প্ৰস্তুত কৰি সেইসমূহ বজাৰত বিক্ৰী কৰি আহিছে ৷ দয়াৰামৰ দৰে বিশেষভাৱে সক্ষম লোকৰ বাবে চৰকাৰে ৰূপায়ণ কৰা আঁচনিসমূহে কিন্তু আজি পৰ্যন্ত ঢুকি পোৱা নাই দয়াৰামক ৷