ETV Bharat / state

জলেশ্বৰৰ ৰাজপথত বিনিদ্ৰ ৰজনী দুৰ্ভগীয়া লোকৰ

author img

By

Published : Mar 29, 2021, 5:42 PM IST

ৰাজ্যৰ চাৰিওফালে বলিছে এতিয়া নিৰ্বাচনী বতাহ ৷ নিৰ্বাচনী বতাহত উৰিছে এতিয়া ৰাজনৈতিক দল নতুবা প্ৰাৰ্থীৰ প্ৰলোভন আৰু প্ৰতিশ্ৰুতিৰ ফুলজাৰি ৷ ভোটাৰক আকৰ্ষণ কৰি পুনৰবাৰ শাসনৰ গাদীত বহিবলৈ সাজু বৰ্তমানৰ একাংশ বিধায়কো ৷ পিছে বিগত পাঁচটা বছৰে এ আই ইউ ডি এফৰ বিধায়ক চাহাব উদ্দিন আহমেদে কি দিলে জলেশ্বৰবাসীক ? কিমান উন্নয়ন হ'ল জলেশ্বৰত ?

helpless-family-at-jaleswar
জলেশ্বৰৰ ৰাজপথত বিনিদ্ৰ ৰজনী দুৰ্ভগীয়া লোকৰ

গোৱালপাৰা,29মাৰ্চ: ৰাজ্যৰ চাৰিওফালে বলিছে এতিয়া নিৰ্বাচনী বতাহ ৷ নিৰ্বাচনী বতাহত উৰিছে এতিয়া ৰাজনৈতিক দল নতুবা প্ৰাৰ্থীৰ প্ৰলোভন আৰু প্ৰতিশ্ৰুতিৰ ফুলজাৰি ৷ ভোটাৰক আকৰ্ষণ কৰি পুনৰবাৰ শাসনৰ গাদীত বহিবলৈ সাজু বৰ্তমানৰ একাংশ বিধায়কো ৷ পিছে বিগত পাঁচটা বছৰে এআইইউডিএফৰ বিধায়ক চাহাব উদ্দিন আহমেদে কি দিলে জলেশ্বৰবাসীক ? কিমান উন্নয়ন হ'ল জলেশ্বৰত ?

জলেশ্বৰ সমষ্টিত এ আই ইউ ডি এফৰ বিধায়ক চাহাব উদ্দিন আহমেদৰ কাৰ্যকালত ৰাজপথত দিন পাৰ কৰিবলগীয়া হৈছে অসহায় জনতাই । তেনে এক দৃশ্য দেখা পোৱা গ'ল গোৱালপাৰা জিলাৰ জলেশ্বৰৰ ভেৰভেৰি গাঁৱত ৷ ২০২০ চনৰ প্ৰলয়ংকাৰী বানপানীত সকলো হেৰুৱাইছিল গাঁৱবাসীয়ে । কিন্তু দূৰ্ভাগ্যজনকভাৱে বিগত ৮ মাহ ধৰি দলঙৰ ওপৰতে দিন পাৰ কৰিছে কেইবাটাও পৰিয়ালৰ লোকে ৷ ভোকে-লঘোণে মুকলি আকাশৰ তলত দিন পাৰ কৰিবলগীয়া হৈছে জলেশ্বৰৰ এইসকল লোকে ৷ কিন্তু তৎস্বত্তেও আজিপৰ্যন্ত কোনোধৰণৰ কাণসাৰেই নিদিলে বিধায়ক চাহাব উদ্দিন আহমেদে ৷ আনকি খবৰ ল'বলৈও আহৰি নোলাল জলেশ্বৰৰ এইগৰাকী বিধায়কৰ ৷ নাপালে চৰকাৰ অথবা জনপ্ৰতিনিধিৰ কিঞ্চিৎ সাহাৰ্যও ৷ এই অভিযাগ দুৰ্ভগীয়া লোকৰ ৷

কেৱল মাত্ৰ নিৰ্বাচনৰ প্ৰচাৰতে সীমাৱদ্ধ নেকি জনপ্ৰতিনিধিৰ প্ৰতিশ্ৰুতি ? সমষ্টিবাসীৰ দুখ-দুদৰ্শাত কিয় গা এৰা দিয়ে একাংশ জনপ্ৰতিনিধিয়ে ? যদি জনপ্ৰতিনিধিয়েই পিঠি দিয়ে ৰাইজৰ সমস্যাক তেনেহ'লে সমস্য়াৰ সমাধান কৰিব কোনে ?

লগতে পঢ়কঃ আবিৰৰ ৰঙত মতলীয়া সত্ৰনগৰী বৰপেটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.