ETV Bharat / state

লক ডাউনৰ ফলত প্ৰাপ্যৰ পৰা বঞ্চিত কৰ্মীৰ কৰ্মবিৰতি

author img

By

Published : Jul 4, 2021, 2:08 PM IST

১১ মাহ দৰমহাৰ পৰা বঞ্চিত হৈ আছে হাফলং মিউনিচিপাল ব'ৰ্ডৰ (Haflong Municipal Board) চাফাই কৰ্মীসকল । বিগত চাৰিদিনৰ পৰা চাফাই কৰ্মীসকলে কৰ্মবিৰতি পালন কৰি আছে ৷ এতিয়ালৈ চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে কৰ্মচাৰীসকল ।

protest
হাফলং মিউনিচিপাল ব'ৰ্ডৰ চাফাই কৰ্মীৰ কৰ্মবিৰতি

ডিমা হাছাও, 4 জুলাই : কৰ'ণাৰ (Corona) সংক্ৰমণ সমগ্ৰ ৰাজ্যতে অব্যাহত থকাৰ বাবে প্ৰতিখন জিলাতে সান্ধ্য আইনো (Night curfew) চলি আছে । কিন্তু এই লক ডাউনত দিনে-নিশাই কাম কৰি গৈছে পৌৰ নিগমৰ চাফাই কৰ্মচাৰীসকলে । পিছে এনে জটিল পৰিস্থিতিৰ মাজত কাম কৰিও দৰমহাৰ পৰা বঞ্চিত একাংশ কৰ্মচাৰী । হাফলং মিউনিচিপাল ব'ৰ্ডৰ (Haflong Municipal Board) চাফাই কৰ্মীসকল নিজৰ দৰমহাৰ পৰা বঞ্চিত হৈ আছে বুলি জানিব পৰা গৈছে ৷

৩৫ গৰাকী চাফাই কৰ্মীয়ে যোৱা ১১ মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে । যাৰ বাবে এতিয়া অনিৰ্দিষ্টকালৰ বাবে কৰ্মবিৰতি (Strike) ঘোষণা কৰিছে কৰ্মচাৰীসকলে । যোৱা চাৰিদিনৰ পৰা এই চাফাই কৰ্মীসকলে কৰ্মবিৰতি পালন কৰি আছে ৷ এতিয়ালৈ চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে কৰ্মচাৰীসকল ।

এফালে সমগ্ৰ ৰাজ্যতে এতিয়াও কৰ'ণা সংক্ৰমণ অব্যাহত আছে আনফালে লক ডাউন (Lockdown) ৷ যাৰ বাবে যোৱা ১১ মাহৰ দৰমহা নাপাই চাফাই কৰ্মীসকলৰ অৱস্থা শোচনীয় হৈ পৰিছে । চাফাই কৰ্মচাৰীসকলে পৰিয়াল চলোৱাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাত পৰিবলগা হৈছে ।

বজাৰৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈও এতিয়া তেওঁলোকৰ হাতত ধনৰ অভাৱ । ইয়াৰ উপৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিত পৰিয়ালকেইটা বিপাঙত পৰিছে । তেওঁলোকে অভিযোগ কৰা মতে, দীর্ঘদিনৰ পৰা বিভিন্ন চৰকাৰী বিভাগসমূহে হাফলং মিউনিচিপাল ব'ৰ্ডক টেক্সৰ (tax) ধন আদায় নিদিয়াৰ বাবেই এই সমস্যাৰ সৃষ্টি হৈছে ।

হাফলং মিউনিচিপাল ব'ৰ্ডৰ শীৰ্ষ বিষয়াই জানিবলৈ দিয়া মতে বিভিন্ন চৰকাৰী বিভাগসমূহে মিউনিচিপাল ব'ৰ্ডৰ কেইবালাখ টেক্সৰ ধন আদায় নিদিয়াৰ বাবে দৰমহাৰ সমস্যাৰ সৃষ্টি হৈছে । তেওঁ কয় যে যোৱা বছৰৰ লক ডাউনৰ সময়ত ৰাজ্য চৰকাৰৰ পঞ্চম বিত্তীয় কমিচনৰ অধীনত এককালীন সাহায্য পুঁজি পোৱাৰ বাবে সেই সময়ত চাফাই কৰ্মীসকলৰ দৰমহা আদায় দিয়া হৈছিল ৷ বৰ্তমান কৰ'ণাৰ সংক্ৰমণৰ ফলত লক ডাউনৰ বাবে মিউনিচিপাল ব'ৰ্ডে টেক্স আদায় কৰিব পৰা নাই আৰু বিভিন্ন চৰকাৰী বিভাগসমূহে ব'ৰ্ডৰ টেক্স আদায় দিয়া নাই ।

লগতে পঢ়ক : বঙাইগাঁৱৰ কাবাইটাৰীত পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.