ETV Bharat / state

ডিমা হাছাওত COVID-19 ৰোগীৰ সংখ্যা 119 জনলৈ বৃদ্ধি

শনিবাৰে ডিমা হাছাও জিলাত নতুনকৈ আৰু 7 গৰাকী ব্যক্তিৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছ ৷ আক্ৰান্ত লোক আটাইকেইজনেই ভিন্ন কোৱাৰেন্টাইন চেন্টাৰত আছিল ৷

ডিমা হাছাওত COVID-19 ৰোগীৰ সংখ্যা 119 জনলৈ বৃদ্ধি
ডিমা হাছাওত COVID-19 ৰোগীৰ সংখ্যা 119 জনলৈ বৃদ্ধি
author img

By

Published : Jun 28, 2020, 1:44 AM IST

Updated : Jun 28, 2020, 2:07 AM IST

ডিমা হাছাও, 25 জুন: ডিমা হাছাও জিলাত নতুনকৈ আৰু 7 গৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে COVID-19 ৷ ইয়াৰ ফলত শনিবাৰলৈ জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা 119লৈ বৃদ্ধি পালে ৷

শনিবাৰে চিনাক্ত হোৱা আক্ৰান্ত লোক আটাইকেইজনেই আছিল জিলা খনৰ ভিন্ন কোৱাৰেন্টাইন চেন্টাৰত ৷

ডিমা হাছাওত COVID-19 ৰোগীৰ সংখ্যা 119 জনলৈ বৃদ্ধি
ডিমা হাছাওত COVID-19 ৰোগীৰ সংখ্যা 119 জনলৈ বৃদ্ধি

ইপিনে ডিমা হাছাও জিলাৰ মাইবাং মহকুমাৰ গুইলুংকাম গাওঁ হাতীখালি ডিমাহাডিং গাঁও আৰু মাহুৰৰ ডিনগম গাঁৱৰ গুয়াংচুইলুংবে নিউমেৰ বাসগৃহ আৰু তাৰ ওচৰত 100 মিটাৰ এলেকাৰ ভিতৰত থকা অন্যান্য বাসগৃহ সমূহক কনটেইনমেণ্ট জ'ন ঘোষণা কৰে জিলা প্ৰশাসনে ৷

এই কনটেইমেণ্ট জ'ন সমূহত স্বাস্থ্য পৰিসেৱা আৰু অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে কোনো ব্যক্তিৰ অহা যোৱা, সভা সমিতি আৰু যানবাহন চলাচলৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাৰি কৰে জিলা প্ৰশাসনে ৷

ইতিমধ্যে, ডিমা হাছাও জিলাত 57 গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতি যোৱাৰ বিপৰীতে 61 গৰাকী ৰোগীৰ চিকিৎসা চলিছে হাফলং অসামৰিক চিকিৎসালয়ৰ COVID ৱাৰ্ডত আৰু 1 গৰাকী ৰোগীৰ চিকিৎসা চলি আছে জিলাৰ বাহিৰত ৷ জিলাখনৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে এই তথ্য ৷

লগতে পঢ়কঃ কৰ'ণাৰ পৰা মুক্ত হ'ল বিধায়ক কৃষ্ণেন্দু পাল

Last Updated : Jun 28, 2020, 2:07 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.