টিংখাং, 17 আগষ্টঃ টিংখাং থানাৰ অন্তৰ্গত লাক্ৰীবাম চাহ বাগিচাত সংঘটিত দলবদ্ধ ধৰ্ষণ কাণ্ডই সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ দেওবাৰে বাগিচাখনৰ পকা লাইনৰ এগৰাকী যুৱতীয়ে প্ৰেমিকৰ সৈতে সন্ধিয়া ফুৰিবলৈ যোৱাৰ সময়তে একেখন বাগিচাৰে ছত্ৰিছকণা গাঁৱৰ জনেল লাক্ৰা, দীপ এক্কা আৰু ৰিজু কুজুৰ নামৰ তিনিজন যুৱকে যুৱতী গৰাকীৰ প্ৰেমিকক দাবী ধমকিৰে খেদি পঠিয়াই আৰু যুৱতী গৰাকীক বাগিচাৰ মাজলৈ নি তিনি পাষণ্ডই দলবদ্ধ ধৰ্ষণ কৰে ৷ শুকুৰবাৰে এই ঘটনা পোহৰলৈ অহাত যুৱক কেইজনক স্থানীয় ৰাইজে কৌশলেৰে মাতি আনি কৰায়ত্ত কৰিবলৈ সক্ষম হয় যদিও ৰিজু কুজুৰ নামৰ ধৰ্ষণকাৰীটো পলাই যায় । ইয়াৰ পাছতে ৰাইজে দুই যুৱকক উত্তম মধ্যম সোধাই অৰ্ধ-উলংগ কৰি ডিঙিত জোতা চেণ্ডেলৰ মালা পিন্ধাই কেইবা কিলোমিটাৰ পথ খোজকঢ়াই নি টিংখাং আৰক্ষীক গতাই দিয়ে ৷ ইতিমধ্যে পৰিয়ালৰ লোকে তিনি অভিযুক্তৰ বিৰুদ্ধে টিংখাং থানাত এজাহাৰ দাখিল কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰিছে ৷
অসহায় প্ৰেমিকৰ সন্মুখতে যুৱতীক দলবদ্ধ ধৰ্ষণ
টিংখাং থানাৰ অন্তৰ্গত লাক্ৰীবাম চাহ বাগিচাত দলবদ্ধ ধৰ্ষণৰ ঘটনা৷ ধৰ্ষণকাৰীক উত্তম মধ্যম স্থানীয় ৰাইজৰ
টিংখাং, 17 আগষ্টঃ টিংখাং থানাৰ অন্তৰ্গত লাক্ৰীবাম চাহ বাগিচাত সংঘটিত দলবদ্ধ ধৰ্ষণ কাণ্ডই সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ দেওবাৰে বাগিচাখনৰ পকা লাইনৰ এগৰাকী যুৱতীয়ে প্ৰেমিকৰ সৈতে সন্ধিয়া ফুৰিবলৈ যোৱাৰ সময়তে একেখন বাগিচাৰে ছত্ৰিছকণা গাঁৱৰ জনেল লাক্ৰা, দীপ এক্কা আৰু ৰিজু কুজুৰ নামৰ তিনিজন যুৱকে যুৱতী গৰাকীৰ প্ৰেমিকক দাবী ধমকিৰে খেদি পঠিয়াই আৰু যুৱতী গৰাকীক বাগিচাৰ মাজলৈ নি তিনি পাষণ্ডই দলবদ্ধ ধৰ্ষণ কৰে ৷ শুকুৰবাৰে এই ঘটনা পোহৰলৈ অহাত যুৱক কেইজনক স্থানীয় ৰাইজে কৌশলেৰে মাতি আনি কৰায়ত্ত কৰিবলৈ সক্ষম হয় যদিও ৰিজু কুজুৰ নামৰ ধৰ্ষণকাৰীটো পলাই যায় । ইয়াৰ পাছতে ৰাইজে দুই যুৱকক উত্তম মধ্যম সোধাই অৰ্ধ-উলংগ কৰি ডিঙিত জোতা চেণ্ডেলৰ মালা পিন্ধাই কেইবা কিলোমিটাৰ পথ খোজকঢ়াই নি টিংখাং আৰক্ষীক গতাই দিয়ে ৷ ইতিমধ্যে পৰিয়ালৰ লোকে তিনি অভিযুক্তৰ বিৰুদ্ধে টিংখাং থানাত এজাহাৰ দাখিল কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰিছে ৷
Body:VO- টিংখাঙত সংঘটিত হয় এক জঘন্য ধৰ্ষণ কাণ্ড। প্ৰেমিকক খেদি তিনি লম্পটে দলবদ্ধ ধৰ্ষণ কৰিলে এগৰাকী যুৱতীক। টিংখাং থানাৰ অন্তৰ্গত লাক্ৰীবাম চাহ বাগিচাত সংঘটিত এই ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে অঞ্চলটোত। শুক্ৰবাৰে নিশা এই জঘন্য ঘটনাত অভিযুক্ত দুই যুৱকক ৰাইজে উত্তম মাধ্যম সোধাই অৰ্ধ-উলংগ কৰি কেইবা কিলোমিটাৰ পথ খোজ কঢ়াই ডিঙিত জোতা চেণ্ডেলৰ মালা পিন্ধাই টিংখাং আৰক্ষীক গতাই দিয়ে। এটা অভিযুক্ত বৰ্তমান পলাতক অৱস্থাত আছে। ঘটনা অনুসৰি যোৱা দেওবাৰে লাক্ৰীবাম চাহ বাগিচাৰ পকালাইনৰ এগৰাকী যুৱতী প্ৰেমিকৰ সৈতে সন্ধিয়া ফুৰিবলৈ ওলাই যোৱাত একেখন চাহ বাগিচাৰে ছত্ৰিছকণা গাঁৱৰ জনেল লাক্ৰা, দীপ এক্কা আৰু ৰিজু কুজুৰ নামৰ তিনি যুৱকে প্ৰেমিক যুৱক জনক খেদি পথাই যুৱতী গৰাকীক বাগিচাৰ মাজলৈ নি দলবদ্ধ ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ কৰে যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে। শুক্ৰবাৰে এই ঘটনা পোহৰলৈ অহাত যুৱক কেইজনক কৌশলেৰে মাটি আনি ৰাইজে কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিও ৰিজু কুজুৰ নামৰ অভিযুক্তটো পলাই যায়। ইতিমধ্যে পৰিয়ালৰ লোকে তিনি অভিযুক্তৰ বিৰুদ্ধে টিংখাং থানাত এজাহাৰ দাখিল কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰিছে ।
Byte-(1)- যুৱতী গৰাকীৰ আত্মীয়।
Byte-(2)- অভিযুক্ত ।
টিংখাঙৰ পৰা দীপক গগৈ,ই টিভি ভাৰত অসম।Conclusion:ঐ