ETV Bharat / state

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতো গা লৰা নাই ডিব্ৰুগড়ৰ পৰিবহন বিষয়া কাৰ্যালয়ৰ

author img

By

Published : Sep 30, 2021, 9:40 PM IST

কাম কৰিবলৈ এলাহ নেকি একাংশ চৰকাৰী কৰ্মচাৰীৰ ? মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাচতো গা-নলৰা এইসকল কৰ্মচাৰীৰে পৰিৱৰ্তন সম্ভৱ হ’ব নে ? ডিব্ৰুগড়ত পৰিবহন বিভাগৰ কাৰ্যালয়ত ক্ষোভ প্ৰকাশ ৰাইজৰ ৷

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতো গা লৰা নাই ডিব্ৰুগড়ৰ পৰিবহন বিষয়া কাৰ্যালয়ৰ
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতো গা লৰা নাই ডিব্ৰুগড়ৰ পৰিবহন বিষয়া কাৰ্যালয়ৰ

মৰাণ, 30 ছেপ্তেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মতে কোনো চৰকাৰী কাৰ্যালয়ত কাম পৰি থাকিব নোৱাৰিব । বিশেষকৈ ৰাজ্যৰ চক্ৰ বিষয়া আৰু পৰিবহন বিষয়া কাৰ্যালয় সমূহত সাধাৰণ ৰাইজৰ পূৰ্বৰ দৰে কাম কৰি দিয়াৰ নামত চৰকাৰী বিষয়াই হাৰাশাস্তি কৰিব নোৱাৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কঠোৰ নিৰ্দেশ দিছে ।

তাৰ সমান্তৰালভাৱে ৰাজ্যৰ পৰিবহন বিভাগে ৩০ ছেপ্তেম্বৰৰ ভিতৰতে গাড়ীৰ সকলো নথিপত্ৰ পুনৰ নৱীকৰণ কৰিব লাগিব বুলি এক জাননী জাৰি কৰিছিল । কিন্তু এই জাননী অনুসৰি ডিব্ৰুগড়ৰ পৰিবহন বিষয়া কাৰ্যালয়ত গাড়ীৰ গৰাকী সকলে বহু দিনৰ পৰাই পুৱাৰ পৰা গধুলিলৈকে শাৰি পাতি থকাৰ পাছতো ডিব্ৰুগড় পৰিবহন বিষয়া কাৰ্যালয়ৰ বিষয়া সকলে কাম কৰি নিদিয়াৰ অভিযোগ কৰিছে ভুক্তভোগী ৰাইজে ।

যিহেতু পৰিবহন বিভাগে গাড়ীৰ নথিপত্ৰ পুনৰ নৱীকৰণ নকৰিলে ১ অক্টোবৰৰ পৰা জৰিমনা লোৱাৰ কথা ঘোষণা কৰিছে তেনেস্থলত ডিব্ৰুগড়ৰ পৰিবহন বিভাগে বিভিন্ন অজুহাতত গ্ৰাহকৰ কাম সমূহ নকৰাক লৈ ক্ষোভ প্ৰকাশ গাড়ী গৰাকীৰ সকলৰ ।

ৰাইজৰ অভিযোগ অনুসৰি লিংক নাই, কাৰেন্টৰ ভল্টেজ নাই, বিষয়া নাই আদি বিভিন্ন অজুহাত দেখুৱাই ডিব্ৰুগড়ৰ পৰিবহন বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী সকলে ৰাইজক হাৰাশাস্তিৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে । এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ব্যৱস্থা গ্ৰহণ দাবী তুলিছে ভুক্তভুগী ৰাইজে ।

উল্লেখযোগ্য যে, ক্ষুদ মুখ্যমন্ত্ৰী জনৰ নিৰ্দেশৰ পাছতো ডিব্ৰুগড়ৰ দৰে আগশাৰী চহৰৰ পৰিবহন বিভাগৰ কাৰ্যালয়লৈ কোনো ধৰণৰ পৰিৱৰ্তন নহাক লৈ ডিব্ৰুগড়ৰ সচেতন ৰাইজ আচৰিত হৈ পৰিছে ।

লগতে পঢ়কঃ শ্বহীদক অপমান কৰা শ্বেৰমান আলীৰ বিৰুদ্ধে এজাহাৰ দাখিল আছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.