ETV Bharat / state

NPSত অৱসৰ লৈ অসমত ভিক্ষাৰী হ'ল 1118 গৰাকী ব্যক্তি

শনিবাৰে মৰাণৰ লেঙেৰী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ অন্তৰ্গত মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত ৰাজ্য চৰকাৰক অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে চৰকাৰৰ নতুন পেঞ্চন নীতি বাতিল কৰাৰ লগতে পুৰণি পেঞ্চন নীতি বাহাল ৰাখিবলৈ আহ্বান জনাই অনুষ্ঠিত কৰে এক সজাগতামূলক সভা ৷

protest-for-nps-at-moran-by-nps-employee-of-dibrugarh
NPSত অৱসৰ লৈ অসমত ভিক্ষাৰী হ'ল 1118 গৰাকী ব্যক্তি
author img

By

Published : Feb 7, 2021, 7:56 AM IST

মৰাণ, 7 ফেব্ৰুৱাৰী : শনিবাৰে মৰাণৰ লেঙেৰী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থা ডিব্ৰুগড় জিলা সমিতিৰ অন্তৰ্গত মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এক সজাগতামূলক সভা ৷ এই সভাৰ জৰিয়তে ৰাজ্য চৰকাৰক অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে চৰকাৰৰ নতুন পেঞ্চন নীতি বাতিল কৰাৰ লগতে পুৰণি পেঞ্চন নীতি বাহাল ৰাখিবলৈ আহ্বান জনায় ।

‘নতুন পেঞ্চন নীতিৰে NPS ত অৱসৰ লৈ অসমত 1118 গৰাকী মানুহ ভিক্ষাৰী হ'ল’-এই অভিযোগ সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ ৷ কিয়নো ৰাজ্য চৰকাৰৰ 2005 চনৰ নতুন পেঞ্চন নীতি অনুসৰি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে মাত্ৰ 501 টকাৰহে পেঞ্চন লাভ কৰি আহিছে ৷ 27 হাজাৰ টকাৰ বেতন লাভ কৰি অৱসৰ লোৱা কৰ্মচাৰীয়ে এতিয়া মাত্ৰ 501 টকাহে পেঞ্চন লাভ কৰাৰ ফলত, পানীত হাঁহ নচৰা অৱস্থা হৈছে কৰ্মচাৰীসকলৰ ৷ যাক লৈ এতিয়া ক্ষোভ উজাৰিছে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে ৷

উল্লেখ্য যে, উন্নয়নৰ ঢাক-ঢোল বজাই থকা ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে 2005 চনৰ নতুন পেঞ্চন নীতি বলৱৎ কৰি অসমৰ প্ৰায় 1118 গৰাকী ব্যক্তিক মাধমাৰ শোধোৱাত এতিয়া দিশহাৰা হৈছে এইসকল অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ৷

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ সভাৰ আদৰণি তোৰণত লাগিল জুই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.