ডিব্ৰুগড়, 19 ছেপ্টেম্বৰ : ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্নীতি মুক্ত, নিকা আৰু স্বচ্ছ নিযুক্তিৰ কথা কৈ ঢাক-ঢোল বজাই থকাৰ মাজতে পোহৰলৈ আহিছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ক্ষেত্ৰত বৃহৎ ধনৰ লেনদেন হোৱাৰ অভিযোগ (Corruption of Direct recruitment) ৷
ইয়াৰ সমান্তৰালকৈ উত্তৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত কৰ্মচাৰী নিযুক্তি, দুলীয়াজান অইলত বিজেপি নেতা কৰ্মীয়ে নিযুক্তি লাভ কৰা বিষয়সমূহে ৰাজ্যজুৰি ব্যাপক চৰ্চা লাভ কৰিছে । বিশেষকৈ নিযুক্তি কেলেংকাৰিত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী সাঙুৰ খাই পৰাত মুখ্যমন্ত্ৰীয়ে কৈ থকা নিকা আৰু স্বচ্ছতাৰ কথা বুমেৰাং হৈ পৰিল ।
নিযুক্তিৰ কেলেংকাৰীক লৈ বিৰোধী সৰৱ হৈ থকা সময়তে টিংখাঙত নিযুক্তি কেলেংকাৰিক লৈ বিস্ফোৰক মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে । জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয়, চৰকাৰৰ মন্ত্ৰী বিধায়কৰ পৃষ্ঠপোষকতাতেই নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হৈ আহিছে ।
তেওঁ আৰু কয় যে, ভিক্টৰ দাসৰ পাচত কেইবাজনেও বিজেপিৰ মন্ত্ৰী বিধায়কৰ নাম উল্লেখ কৰি দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰা বিষয়টোৱে বিজেপি চৰকাৰৰ দিনত যে ব্যাপক দুৰ্নীতি সংঘটিত হৈ আছে সেই কথা প্ৰমাণ কৰিছে ৷
লগতে পঢ়ক : ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টো বিজেপিৰ বাবে ৰাজনৈতিক হাথিয়াৰ: লুৰীণজ্যোতি গগৈ