ETV Bharat / state

50 ৰ উৰ্দ্ধৰ বয়সৰ ৰোগীক হ’ম আইচ’লেচন প্ৰদান কৰা নহ’ব:পল্লৱ গোপাল ঝা

এতিয়াৰে পৰা গ্ৰাম্য অঞ্চলৰ 50 বছৰ উৰ্দ্ধৰ অন্যান্য ৰোগাগ্ৰস্ত ক'ভিড ৰোগীৰ গৃহ আছুতীয়াকৈ (Home Isolation) থকাৰ অনুমতি প্ৰদান নকৰে ডিব্ৰুগড় স্বাস্থ্য বিভাগে ৷

50 বছৰ উৰ্দ্ধৰ বয়সৰ ৰোগীক গৃহ আছুতীয়া প্ৰদান কৰা নহ’ব:পল্লৱ গোপাল ঝা

author img

By

Published : May 17, 2021, 10:59 PM IST

ডিব্ৰুগড়,17 মে’: ডিব্ৰুগড়ত ক'ভিড পৰিস্থিতি আজিও অনিয়ন্ত্ৰিত । ভয়ানকভাৱে বৃদ্ধি পাই আছে ক'ভিড ৰোগী সংখ্যাও । সোমবাৰে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত গৃহ আছুতীয়াকৰণ (Home Isolation) ৰ বিভিন্ন দিশৰ ওপৰত আলোচনাৰ বাবে এক পৰ্যালোচনা সভা অনুষ্ঠিত হয় ।

সভাত উপায়ুক্ত গৰাকীয়ে গৃহ আছুতীয়াকৰণ হৈ থকা ক'ভিড ৰোগী সকলক চিকিৎসা তথা ঔষধ বিতৰণৰ লগতে তেওঁলোকৰ স্বাস্থ্য সম্পৰ্কে নিয়মীয়া খা-খবৰ লৈ থকাৰ বাবে সংশ্লিষ্ট সকলো পক্ষকে নিৰ্দেশ প্ৰদান কৰে । ইয়াৰ উপৰিও যি সকল 50-65 বছৰ বয়সোৰ্দ্ধৰ অন্যান্য ৰোগাগ্ৰস্ত (Co-morbidity) ক'ভিড ৰোগী ইতিমধ্যেই গৃহ আছুতীয়াকৰণ হৈ আছে ৷ তেওঁলোকক বিশেষভাৱে নিৰীক্ষণ কৰি থকাৰ ওপৰত উপায়ুক্তই গুৰুত্ব আৰোপ কৰে ।

50 বছৰ উৰ্দ্ধৰ বয়সৰ ৰোগীক আছুতীয়া গৃহ প্ৰদান কৰা নহ’ব:পল্লৱ গোপাল ঝা

এই সভাতেই গ্ৰাম্য অঞ্চলৰ যি সকল 50 বছৰ বয়সোৰ্দ্ধ অন্যান্য ৰোগাগ্ৰস্ত ক'ভিড ৰোগী আছে, তেওঁলোকক গৃহ আছুতীয়াকৰণত থকাৰ অনুমতি প্ৰদান কৰা নহ'ব বুলি সিদ্ধান্ত লোৱা হয় ।

উক্ত সভাত নৱ-নিযুক্ত আৰক্ষী অধীক্ষক এচ. মিশ্ৰ, অতিৰিক্ত উপায়ুক্তদ্বয় তপন কুমাৰ গোঁহাই আৰু ৰাজীৱ থাপা সমন্বিতে স্বাস্থ্য বিভাগৰ বিষয়ববীয়া সকল উপস্থিত থাকে ।

লগতে পঢ়ক: নতুন এছ অ পি জাৰি কৰাৰ পিছতেই সষ্টম নগাঁও আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.