মৰাণ, 21 ডিচেম্বৰ : অসম জাতীয় পৰিষদৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতে প্ৰাক্তন আছু নেতা তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে আৰম্ভ কৰিছে দলীয় কামকাজ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তি, শিক্ষাবিদ, বুদ্ধিজীৱী সকলৰ লগত সঘনে মিলিত হৈছে নেতা গৰাকী ।
সোমবাৰে ডিব্ৰুগড় লাহোৱালৰ ঐতিহাসিক শ্ৰীশ্ৰী মায়ামৰা মদাৰখাত সত্ৰত উপস্থিত হয় প্ৰাক্তন আছু নেতা লুৰীণজ্যোতি গগৈ । শ্ৰীশ্ৰী মায়ামৰা মদাৰখাত সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী বৈঞ্চৱানন্দৰ সাক্ষাৎ কৰি সত্ৰৰ বৰ নামঘৰ, থানত এখনি শৰাই আগবঢ়াই সেৱা লয় লুৰীণজ্যোতি গগৈয়ে । সত্ৰত উপস্থিত হোৱাৰ লগে লগে শতাধিক ৰাইজে নেতাজনক আদৰণি জনাবলৈ সমবেত হয় । অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈক লৈ ৰাইজৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গ'ল আজি লাহোৱালত ।
সত্ৰত সেৱা জনাই সাংবাদিকৰ আগত অসম জাতীয় পৰিষদৰ সভাপতি জনে কয় যে, "সত্ৰত সেৱা কৰি অসমৰ ৰাইজৰ বাবে আশীৰ্বাদ বিচাৰিছোঁ । আৰম্ভ হৈছে এক নতুন যাত্ৰা । মোক দিয়া সভাপতিৰ দায়িত্ব মই জাতীয় দায়িত্ব হিচাপে অনুভৱ কৰো । আমাৰ লক্ষ্য কেৱল ক্ষমতা লাভ নহয় । এখন ভাল অসম সকলোৱে বিচাৰিছে । অসম জাতীয় পৰিষদ অসমৰ ৰাইজৰ সপোন, এই যাত্ৰা অসমৰ ৰাইজৰ যাত্ৰা । "
লগতে পঢ়ক: অসম জাতীয় পৰিষদৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীক ধেমাজিত আদৰণি