মৰাণ, 30 এপ্ৰিল : দেশৰ লগতে ৰাজ্যত দ্ৰুতগতিত ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । ক’ভিডৰ সৈতে পোনপটীয়াকৈ নহ'লেও আওপকীয়াকৈ যুঁজ দি নিজৰ কৰ্ম সম্পন্ন কৰি আহিছে সংবাদকৰ্মীসকলে। মহামাৰী কৰ'ণাকো নেওচি নিজৰ জীৱনকো হেয় কৰি প্ৰতিটো সময়তে জনসাধাৰণৰ মাজলৈ খবৰ কঢ়িয়াই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে এই সকল সংবাদকৰ্মীয়ে ।
সেই কষ্টক সন্মান জনাই তথা সংবাদকৰ্মী সকলৰ স্বাস্থ্য আৰু জীৱনৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে মৰাণ ৰাজহ চক্ৰৰ চক্ৰবিষয়া লুকুমণি বৰাৰ তত্বাৱধানত আৰু স্বাস্থ্য বিভাগৰ তৎপৰতাত সংবাদকৰ্মী সকলক ক’ভিড-১৯ ৰ প্ৰথম পালি প্ৰতিষেধক প্ৰদান কৰা হয় মৰাণৰ তিলৈ সামুহিক চিকিৎসালয়ত ।
শুকুৰবাৰে, মৰাণৰ প্ৰায় ১৬ গৰাকী সংবাদকৰ্মীক প্ৰদান কৰা হয় প্ৰতিষেধক । এই প্ৰতিষেধক গ্ৰহণ কৰাৰ পাচত সংবাদকৰ্মী সকলে চক্ৰ বিষয়াৰ লগতে স্বাস্থ্য বিভাগক ধন্যবাদ জ্ঞাপন কৰে ।
লগতে পঢ়ক :বোকাখাতত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী