ETV Bharat / state

ডিব্ৰুগড়ৰ বুঢ়ীদিহিং নদীৰ বুকুত অবৈধ বালি খনন

author img

By

Published : Oct 7, 2022, 7:49 PM IST

ডিব্ৰুগড়ৰ জকাইত বুঢ়ীদিহিং নদীৰ বুকুত বালিৰ অবৈধ খনন (Illegal sand mining in Dibrugarh) । জকাই হৰেঘাট আৰু চৰাইহাবিত চলিছে বালিৰ অবৈধ খনন । মেচিন ব্যৱহাৰ কৰি বালিৰ অবাধ খননৰ ফলত নদীৰ গৰাখহনীয়াই লৈছে ভয়ংকৰ ৰূপ ।

illegal sand mining at dibrugarh
ডিব্ৰুগড়ৰ বুঢ়ীদিহিং নদীৰ বুকুত অবৈধ বালি খনন

ডিব্ৰুগড়,৭ অক্টোবৰ: ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অবৈধ কোনো কাম হ'বলৈ দিয়া নহ'ব বুলি কঠোৰ নিৰ্দেশ প্ৰদান কৰাৰ পাছতো দীৰ্ঘদিন ধৰি ডিব্ৰুগড়ৰ জকাইত মেচিন ব্যৱহাৰ কৰি অবৈধ ভাৱে চলি আহিছে বালি খনন কাৰ্য (Illegal sand mining) । ব্যাপক হাৰত বালি খনন কৰাৰ ফলত নৈপৰীয়া প্ৰায় অৰ্ধ শতাধিক গাঁৱলৈ নদীৰ খহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে (Illegal sand mining in Dibrugarh) ।

স্থানীয় লোকে বন বিভাগক এই বিষয়ে বাৰে বাৰে অৱগত কৰিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নকৰাৰ অভিযোগ উত্থাপন হৈছে (Erosion due to illegal sand mining in Dibrugarh)। মৰাণ আৰু ডিব্ৰুগড় আঞ্চলিক বন বিষয়াৰ গোপন বুজাবুজিৰে উক্ত বালিৰ ঘাট সমূহত মেচিন ব্যৱহাৰ কৰি মাফিয়া চক্ৰটোৱে অবাধ বালিৰ খনন চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

উল্লেখযোগ্য যে গৰাখহনীয়াৰ ফলত প্ৰতি বছৰে শ শ বিঘা কৃষিভূমি বুঢ়ীদিহিং নদীৰ বুকুত জাহ যোৱা পৰিলক্ষিত হৈছে (Erosion hits Dibrugarh) । ফলত শংকিত হৈ পৰিছে অঞ্চলটোৰ কৃষিজীৱি ৰাইজ । ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে হৰেঘাট আৰু খামটিঘাট দুয়োখন দলঙলৈও এতিয়া নদীৰ খহনীয়া ভাবুকি স্বৰূপ হৈ পৰিছে ।

লগতে পঢ়ক: বৰপেটাৰ কেওঁটকুছিত ৭ দিনীয়াকৈ লক্ষ্মী পূজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.