মৰাণ, ৩০ নৱেম্বৰ: অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী উন্নয়ন বিভাগৰ অধীনস্থ ডিব্ৰুগড় জিলাৰ 'অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন পৰিষদ'ৰ তৰফৰ পৰা সোমবাৰে লাহোৱালৰ ৯৫ গৰাকী শিক্ষাৰ্থীৰ মাজত টেবলেট বিতৰণ কৰা হয় ।
বৰ্তমান প্ৰযুক্তিবিদ্যা ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশত যথেষ্ট সহায়ক হিচাপে পৰিগণিত হৈছে । লেপটপত কৰিব পৰা প্ৰায়খিনি কামেই টেবলেটতে কৰিব পাৰিব শিক্ষাৰ্থীসকলে ।
সেয়ে, লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত হিতাধিকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিনামূলীয়াকৈ টেবলেট বিতৰণ কৰা হয় । লাহোৱাল সমষ্টিৰ অন্তৰ্গত নৱম আৰু দশম শ্ৰেণীৰ মুঠ ৯৫ জন ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ দিয়া হয় টেবলেট ।
এই অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড় জিলা বিজেপিৰ উপ-সভাপতি, অ' বি চি মৰ্চাৰ অধ্যক্ষ প্ৰশান্ত গগৈ, অ' বি চি ব'ৰ্ডৰ সদস্য মনোজ দিহিংগীয়া, হলিৰাম ফুকন, উৎপল নেওগ, লালবাবু যাদৱ, মোহনবাৰী জিলা পৰিষদৰ সদস্যা ৰাণু গগৈ, অনুসূচীত জাতি উন্নয়ন পৰিষদৰ অধ্যক্ষ ৰাজীৱ দাসৰ লগতে সমষ্টিটোৰ বহু কেইজন বিশিষ্ট ব্যক্তি ।
লগতে পঢ়ক:খুমটাই সমষ্টিত নিচিহ্ন হোৱাৰ দিশে অগপ