ETV Bharat / state

মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ ক'ভিড পৰীক্ষা সম্পন্ন

author img

By

Published : May 1, 2021, 9:48 AM IST

ক'ভিড পৰীক্ষা কৰি ভোট গণনাৰ বাবে সাজু হৈছে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ । বিধায়কগৰাকীৰ ব্যক্তিগত সচিব প্ৰণৱ গগৈৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক । প্ৰণৱ গগৈৰ আৰোগ্য কামনাৰে বিধায়কৰ কাৰ্যালয়ত প্ৰাৰ্থনা জনালে বিধায়ক আৰু দলীয় কৰ্মীয়ে ।

Chakradhar Gogoi's personal secretary tested covid positive
ক'ভিড পৰীক্ষা কৰি ভোট গণনাৰ বাবে সাজু বিধায়ক চক্ৰধৰ গগৈ

মৰাণ, ১ মে': ২ মে'ত অনুষ্ঠিত হ'বলগীয়া ভোট গণনাৰ পূৰ্বে জিলাই জিলাই ক'ভিড পৰীক্ষা সম্পন্ন কৰা হৈছে প্ৰাৰ্থী, কাউণ্টিং এজেণ্টৰ লগতে ভোট গণনা প্ৰক্ৰিয়া অংশগ্ৰহণ কৰিবলগীয়া বিষয়াসকলৰ । ডিব্ৰুগড়ৰ মৰাণতো নিৰ্বাচনী আয়োগৰ নিৰ্দেশ মৰ্মে ক'ভিড পৰীক্ষা সম্পন্ন কৰা হৈছে ।

শুকুৰবাৰে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে মৰাণৰ ৰাজ্যিক চিকিৎসালয়ত ক'ভিড পৰীক্ষা কৰোৱায় । ক'ভিড পৰীক্ষাৰ ফলাফল অনুসৰি, তেওঁ কৰ'ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা নাই বুলি প্ৰমাণিত হয় যদিও বিধায়গৰাকীৰ দুজন দেহৰক্ষীৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ।

প্ৰণৱ গগৈৰ আৰোগ্য কামনাৰে মৰাণত বিধায়কৰ কাৰ্যালয়ত প্ৰাৰ্থনা

আনহাতে, মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ ব্যক্তিগত সচিব প্ৰণৱ গগৈ মহমাৰীত আক্ৰান্ত হোৱাৰ পিছৰে পৰা কেইবাদিনো ধৰি অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত সংকটজনক অৱস্থা ভৰ্তি হৈ আছে ।

শুক্ৰবাৰে প্ৰণৱ গগৈৰ আৰোগ্য কামনা কৰি বিধায়কৰ কাৰ্যালয়তে বিধায়কৰ লগতে দলীয় কৰ্মী সকলে বন্তি জ্বলাই প্ৰাৰ্থনা কৰে । ক'ভিড প্ৰট'কল মানি মৰাণৰ সকলো প্ৰাৰ্থীয়ে ২ মে'ৰ ভোট গণনাৰ বাবে সাজু হোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক:মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকক উচ্ছেদ কৰাক লৈ প্ৰতিবেদন প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.