মৰাণ,১১ মাৰ্চ: ৰাজনৈতিক দলসমূহে বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছৰে পৰা ৰাজ্যৰ বিভিন্ন সমষ্টিত মিত্ৰদলৰ মাজত সংঘাত আৰম্ভ হৈছে । সংশ্লিষ্ট সমষ্টি নিজ দলৰ প্ৰাৰ্থীক টিকট প্ৰদান কৰাত দাবীত একাংশ কৰ্মী-সমৰ্থকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে । কিন্তু ইয়াৰ বিপৰীত ছবি পৰিলক্ষিত হৈছে ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিত ।
মৰাণত বিজেপি-অসম গণ পৰিষদ-ইউপিপিএলৰ মিত্ৰজোঁটে বৰ্তমানৰ বিধায়ক চক্ৰধৰ গগৈক পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । সমষ্টিটোত অসম গণ পৰিষদৰ প্ৰাৰ্থীক টিকট নিদিয়াৰ বাবে ক্ষোভিত হোৱাৰ বিপৰীতে দলটোৰ কৰ্মীসকলে মিত্ৰতাৰ ধৰ্ম পালন কৰি বিজেপি প্ৰাৰ্থীগৰাকীক নিৰ্বাচনৰ সময়ত সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে সাজু হৈছে ।
বৃহস্পতিবাৰে অসম গণ পৰিষদৰ ডিব্ৰুগড় জিলাৰ বিষয়-ববীয়াসকলে বিজেপিৰ মৰাণ সমষ্টিৰ লৰুৱা মণ্ডলৰ নিৰ্বাচনী কাৰ্যালয়ত উপস্থিত হৈ বিভিন্ন ধৰণৰ প্ৰচাৰ কৌশলৰ বিষয়ে আলোচনা কৰে । অসম গণ পৰিষদৰ আটাইকেইগৰাকী বিষয়ববীয়াক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় বিজেপি কৰ্মীসকলে ।
লগতে পঢ়ক: পাথাৰকান্দিত কংগ্ৰেছ কৰ্মীয়ে ভাঙিলে কংগ্ৰেছৰ কাৰ্যালয়