ডিব্ৰুগড়,30 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজপথত আন্দোলন কৰাৰ মাজতে আছু কৰ্মীয়ে ডিব্ৰুগড়ত সূচনা কৰিলে অৰ্থনৈতিক বিপ্লৱ। সেউজ বিপ্লৱৰ নামেৰে "কা" আন্দোলনৰ মাজতে এটা প্ৰকল্প আৰম্ভ কৰি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই জিলা খনৰ লেজাইত হস্ত তাত বয়ন শিল্প প্ৰকল্প স্থাপন কৰাৰ লগতে বিভিন্ন স্থানত লেয়াৰ ফাৰ্ম আৰম্ভ কৰি এক কৃষি বিপ্লৱৰ সূচনা কৰিছিল।
এই বিপ্লৱত বিপুল সফলতা লাভ কৰাৰ পাছতে বালিছান্দা নামৰ এটি প্ৰকল্পৰে মঙলবাৰে মুকলি কৰিলে ডিব্ৰুগড়ৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰৰ মাইজানত বায়'ফ্লক পদ্ধতি মীন পালন আৰু প্ৰশিক্ষণ কেন্দ্ৰ। প্ৰথম পৰ্যায়ত দহ হাজাৰ লিটাৰ পানীৰ বহন ক্ষমতা আঠটা বায়'ফ্লক টেংকি শুভ উদ্ধোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শঙ্কৰ জ্যোতি বৰুৱাই। ৰাজপথৰ আন্দোলনৰ লগতে ৰাজ্যখনত শিক্ষা বিপ্লৱ,জাতিৰ উন্নয়নৰ বিপ্লৱৰ লগতে অৰ্থনৈতিক বিপ্লৱ কৰি যোৱা হ'ব বুলি নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক শঙ্কৰ জ্যোতি বৰুৱাই মন্তব্য কৰে।
লগতে পঢ়ক: বিজেপিৰ প্ৰচাৰ সভাত উপস্থিত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য