ETV Bharat / state

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অভিলেখ গঢ়োতা সীমান্ত গগৈলৈ অভিনন্দন - ৭ফুট দীঘল আৰু

৭ফুট দীঘল আৰু ৫ ফুট ৯ ইঞ্চি বহল কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ এখন ছবি জুইৰে অংকন কৰি অভিলেখ গঢ়িলে মৰাণৰ সীমান্ত গগৈয়ে। সীমান্তৰ সাফল্যৰ পিছতে সম্বৰ্ধনা জনায় ডিব্ৰুগড় জিলা সচেতন মহিলা মঞ্চ, দুলীয়াজান আঞ্চলিক আৰু শাখা সমিতিয়ে।

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অভিলেষ গঢ়োতা সীমান্ত গগৈলৈ অভিনন্দন

author img

By

Published : Oct 29, 2020, 10:11 AM IST

মৰাণ, ২৯ অক্টোবৰ: কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ এখন ছবি জুইৰে অংকন কৰি অসম তথা সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে মৰাণৰ সীমান্ত গগৈয়ে। ৭ফুট দীঘল আৰু ৫ ফুট ৯ ইঞ্চি বহল কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ এখন ছবি জুইৰে অংকন কৰি আসাম বুক অৱ ৰেকৰ্ডছৰ লগতে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত সীমান্ত গগৈয়ে নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে ।

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অভিলেষ গঢ়োতা সীমান্ত গগৈলৈ অভিনন্দন
ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অভিলেষ গঢ়োতা সীমান্ত গগৈলৈ অভিনন্দন

ৱৰ্ল্ড'ছ লাৰ্জেষ্ট অনলাইন পেইণ্টিং কম্পিটিশ্বনত ড° ভূপেন হাজৰিকাৰ ছবি অংকন কৰি বিশ্বৰ ভিতৰতে চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে । অসম তথা সমগ্ৰ দেশকে গৌৰৱান্বিত কৰাৰ পিছতে ডিব্ৰুগড় জিলা সচেতন মহিলা মঞ্চৰ সহযোগত দুলীয়াজান আঞ্চলিক আৰু শাখা সমিতিয়ে সীমান্ত গগৈক অভিনন্দন জ্ঞাপন কৰে। যোৱা ২৮ অক্টোবৰত কছাৰী পথাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সভাত সীমান্ত গগৈক সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানত দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰশ গোৱালাৰ লগতে সচেতন মহিলা মঞ্চৰ সভানেত্ৰী অনুপমা ফুকন উপস্থিত থাকে। এই সন্মানে ভৱিষ্যতে কাম কৰি যোৱাত প্ৰেৰণা যোগাব বুলি মন্তব্য কৰে চিত্ৰ শিল্পী সীমান্ত গগৈয়ে ।

লগতে পঢ়ক:মাজুলীৰ কৰ্কট ৰোগী ৰুণু বৰাক সহায়ৰ প্ৰয়োজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.