ETV Bharat / state

ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

author img

By

Published : Jan 2, 2021, 7:19 AM IST

শুকুৰবাৰে এদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয় ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 60 সংখ্যক প্ৰতিষ্ঠা দিৱস ৷

As_Moran_60th-foundation-day-of-dhaman-higher-secondery-school_vis_As10031
ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

মৰাণ,2 জানুৱাৰী: 1 জানুৱাৰীৰ দিনটোতে উদযাপন কৰা হয় টিংখাঙৰ ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 60 সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ পতাকা উত্তোলনেৰে অনুষ্ঠান শুভাৰম্ভ কৰে বিদ্যালয়খনৰ অধ্যক্ষ প্ৰসন্ন দিহিঙীয়াই, স্মৃতি তৰ্পন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শ্যমন্ত কুমাৰ গগৈয়ে । বিদ্যালয়ৰ প্ৰাচীৰ প্ৰতিকা ‘নিৰধী’ উন্মোচন কৰে বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মামণি দত্ত ৰাজখোৱাই ।

As_Moran_60th-foundation-day-of-dhaman-higher-secondery-school_vis_As10031
ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস

প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সমাৰোহ অনুষ্ঠিত কৰা হয় ৷ উক্ত অনুষ্ঠানৰ সঞ্চালনা কৰে অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ শৰ্মাই । মুকলি সভাৰ সভাপতিত্ব কৰে গকুল চন্দ্ৰ গগৈয়ে ৷ আনহাতে, এই সভাতে বিদ্যালয়ৰ ইতিহাস সম্পৰ্কে আলোকপাত কৰে বিদ্যালয়ৰ উপাধ্যক্ষ হৰেন ডেকাবৰুৱাই । মুখ্য অতিথি ৰূপে উপস্থিত থাকে ডিব্ৰুগড় জিলা সংমণ্ডলৰ বিদ্যালয় পৰিদৰ্শক দীপিকা চৌধুৰী, অশোক গগৈ, দিগন্ত খনিকৰ, লগতে অঞ্চলটোৰ বহুতো বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক-বিগত দুটা বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হ্ৰাস পাইছে গঁড় হত্যাৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.