ETV Bharat / state

যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত ধুবুৰী ! - ধুবুৰী আৰক্ষী

সন্মুখত গণৰাজ্য দিৱস । নিৰাপত্তা ব্যৱস্থাৰ প্ৰতি অধিক গুৰুত্ব দি ধুবুৰী আৰক্ষীয়ে পেট্ৰলিং কৰি থকাৰ সময়তে বৃহস্পতিবাৰে নিশা সংঘটিত হ'ল অঘটন । আৰক্ষীৰ ভয়ত পুখুৰীত জঁপিয়াই প্ৰাণ গ'ল এজনৰ । ঘটনাক লৈ নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ধুবুৰীত ।

thursday night hungama at dhuburi
বৃহস্পতিবাৰৰ নিশা ধুবুৰীত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Jan 24, 2020, 10:03 AM IST

ধুবুৰী , 24 জানুৱাৰী : আগন্তক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ধুবুৰী আৰক্ষীয়ে নিয়মীয়া তালাচি অব্যাহত ৰখাৰ সময়তে সংঘটিত হয় অনাকাংশিত ঘটনা ৷ বৃহস্পতিবাৰে নিশা গোপন খবৰৰ ভিত্তিত ধুবুৰী ৰে'লৱে ষ্টেচনৰ কাষত নিচাজাতীয় ঔষধ বিক্ৰী হৈ থকাৰ তথ্য লাভ কৰে আৰক্ষীয়ে । লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাত ছয় সাত জনীয়া এটা দল পলাই যাবলৈ সক্ষম হয় যদিও দলৰ মাজৰে এজন যুৱকে ৰে'ল ষ্টেচনৰ কাষৰ এটা পুখুৰীত জাঁপ দিয়ে ।

বৃহস্পতিবাৰৰ নিশা ধুবুৰীত উত্তপ্ত পৰিস্থিতি

প্ৰায় এঘণ্টাৰ অন্তত আৰক্ষীয়ে পুখুৰীটোত নাৱেৰে অভিযান চালাই যুৱকজনক মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰি ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও যুৱকজনক চিকিৎসকে মৃত বুলি ঘোষণা কৰে । মৃত যুৱক জনক ইন্দিৰা গান্ধী পথৰ 14 নম্বৰ ৱাৰ্ডৰ মোনা হুচেইন বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ ঘটনাক কেন্দ্ৰ কৰি একাংশ লোকে চহৰখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে যদিও আৰক্ষীয়ে উত্তেজিত লোক সকলক ছত্ৰভংগ দিয়াবলৈ সক্ষম হয় ৷

আৰু পঢ়ক : প্ৰতিবাদত নামিল ধুবুৰী প্ৰশাসনিক কৰ্মচাৰী সন্থা

Intro:সন্মুখত গণৰাজ্য দিৱস। নিৰাপত্তা ব্যৱস্থাৰ প্ৰতি অধিক গুৰুত্ব দিছে ধুবুৰী আৰক্ষীয়ে। ধুবুৰী আৰক্ষীয়ে পেট্ৰলিং ডিউটি কৰি থকাৰ সময়ত বৃহস্পতিবাৰে নিশা ঘটিল এক অঘটন। আৰক্ষীৰ ভয়ত পুখুৰীত জঁপিয়াই প্ৰাণ গল এজনৰ। ঘটনাক লৈ উত্তপ্ত নিশা পৰিস্থিতি ধুবুৰীত।

Body:প্ৰথমে এই দৃশ্যলৈ মন কৰক। এয়া ধুবুৰী চহৰৰ দৃশ্য। বৃহস্পতিবাৰে নিশা সন্মুখত গণৰাজ্য দিৱসৰ পূৰ্বে ধুবুৰীত নিশা এনে অনাকাংক্ষিত পৰিস্থিতি। আৰক্ষী আৰু স্থানীয় উত্তেজিত ৰাইজৰ মাজত খণ্ডযুদ্ধ।

দৰাচলতে বৃহস্পতিবাৰে নিশাৰ ভাগত ধুবুৰী আৰক্ষীৰ দল এটাই নিয়মীয়া হিচাপে পেট্ৰলিং কৰি আছিল ধুবুৰী চহৰৰ ভিন্ন অঞ্চলত। এনেতে ধুবুৰী ৰেলৱে ষ্টেচনৰ কাষত কফি চিৰাফ অৰ্থাৎ নিচাজাতীয় ঔষধ বিক্ৰী হৈ থকাৰ তথ্য লাভ কৰে আৰক্ষীয়ে। গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় যদিওঁ ছয় সাত জনীয়া দল এটাই দৌৰি পলাই যাবলৈ চেষ্টা কৰে। যদিওঁ ইয়াৰে এজন আৰক্ষীৰ ভয়ত ৰেল ষ্টেচনৰ কাষত থকা এইখন পুখুৰীত জঁপিয়ায়। পিছত প্ৰায় এঘণ্টামান পিছত আৰক্ষীয়ে পুখুৰীটোত নাওঁ লৈ উদ্ধাৰ অভিযান চলাই অৱশেষত উদ্ধাৰ কৰিবলৈ সক্ষম হয় যুৱকজনক। ইয়াৰ পিছতেই ৰাইজে যুৱক জনক স্থানীয় ইন্দিৰা গান্ধী পথৰ চৈধ্য নম্বৰ ৱাৰ্ডৰ মোনা হোসেন বুলি চিনাক্ত কৰাৰ পিছতেই উত্তেজিত হৈ পৰে শ শ ৰাইজ। লগে লগে আৰক্ষীৰ সৈতে একপ্ৰকাৰ খণ্ডযুদ্ধত লিপ্ত হয় উত্তেজিত ৰাইজে। পিছত আৰক্ষীয়ে ৰাইজক ছত্ৰভংগ দিয়াৰ বিপৰীতে মোনা হোসেন নামৰ যুৱকজনক ধুবুৰী অসামৰিক চিকিৎসালয় লৈ নিয়ে যদিওঁ চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে।

Byte:- ধুবুৰী সদৰ আৰক্ষী বিষয়া।

Conclusion:উল্লেখযোগ্য যে, আৰক্ষীয়ে পেট্ৰলিং কৰি থকা অৱস্থাত এনে ঘটনা সংঘটিত হোৱা বুলি দাবী কৰিছে যদিওঁ ঘটনাৰ সামগ্ৰিক ভাৱে তদন্ত কৰাৰ পিছতহে উদ্ঘাটন হব ঘটনাৰ প্ৰকৃত ৰহস্য। এই ঘটনাৰ পিছতেই অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.