ETV Bharat / state

উৰুখা পঁজাত চিকিৎসক হোৱাৰ সাধনা

ধুবুৰী এছ পি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই গৰাকী মেধাবী ছাত্ৰৰ সাফল্যত আনন্দৰ চকুলো বোৱাইছে পিতৃ-মাতৃয়ে। উৰুখা পঁজাৰ পৰাই চিকিৎসক হোৱাৰ সপোন ধুবুৰীৰ এইগৰাকী মেধাৱী ছাত্ৰৰ।

জুপুৰি ঘৰৰ পৰাই চিকিৎসক হোৱাৰ সপোন ধুবুৰীৰ এগৰাকী মেধাৱী ছাত্ৰৰ
author img

By

Published : May 26, 2019, 3:30 PM IST

ধুবুৰী, 26 মে' : শিক্ষাৰ বাটত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হৈ থিয় দিব নোৱাৰে। এই কথা পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে ধুবুৰীৰ এগৰাকী মেধাবী ছাত্ৰই। পিতৃ হৃদৰোগত আক্ৰান্ত। তথাপিও ৰাজমিস্ত্ৰীৰ কাম কৰি পৰিয়াল পোহপাল দিয়াৰ উপৰি তিনি পুত্ৰক উচ্চ শিক্ষাত শিক্ষিত কৰাৰ সপোন ৰচিছে পিতৃ নুৰ আলী শ্বেখে। ধুবুৰীৰ ধৰ্মশালা অঞ্চলৰ বাসিন্দা নুৰ আলী শ্বেখৰ পুত্ৰ নুৰ জামালে এইবেলি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত চাৰিটাকৈ বিষয়ত লেটাৰ নম্বৰসহ ৮৩% নম্বৰ লৈ মুঠ ৪১৭ নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে অঞ্চলটোলৈ।

ধুবুৰী এছ পি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই গৰাকী মেধাবী ছাত্ৰৰ সাফল্যত আনন্দৰ চকুলো বোৱাইছে পিতৃ-মাতৃয়ে। উৰুখা পঁজাৰ পৰাই চিকিৎসক হোৱাৰ সপোন ধুবুৰীৰ এইগৰাকী মেধাৱী ছাত্ৰৰ। অসহায় পিতৃয়ে প্ৰয়োজনীয় খৰচ দিব নোৱাৰিলেও চিকিৎসক হোৱাৰ সপোন দেখিবলৈ পাহৰা নাই নুৰ জামালে।

জুপুৰি ঘৰৰ পৰাই চিকিৎসক হোৱাৰ সপোন ধুবুৰীৰ এগৰাকী মেধাৱী ছাত্ৰৰ

পঢ়া-শুনাৰ উপৰি খেল ধেমালি কৰি ভাল পোৱা নুৰ জামালে ঘৰুৱা বিভিন্ন কাম-কাজতো সহায় কৰে পিতৃক। আনহাতে দুই কনিষ্ঠ ভাতৃক বিভিন্ন সময়ত অধ্যয়নত সহায় কৰি আহিছে মেধাবী ছাত্ৰ নুৰ জামালে।
উল্লেখযোগ্য যে, ফলাফল প্ৰকাশ পোৱাৰ পিছতেই আগলৈ চিকিৎসক হোৱাৰ সপোন দেখা নুৰ জামালে এতিয়া চিন্তিত। কাৰণ উচ্চ শিক্ষাৰ বাবে যথেষ্ট অৰ্থৰ প্ৰয়োজন। সেয়ে খৰচ বহন কৰিবলৈ সমৰ্থ নথকা পিতৃৰ লগতে নুৰ জামাল হকে চৰকাৰৰ পৰা সহায় বিচাৰিছে।

Intro: জুপুৰি ঘৰৰ পৰাই চিকিৎসক হোৱাৰ সপোন ধুবুৰীৰ এগৰাকী মেধাবী ছাত্ৰৰ। দৰিদ্ৰতাক প্ৰত্যাহ্বান জনাই বহু কষ্টৰে নিজৰ লক্ষ্যত উপনীত হোৱাৰ দিশে আগবাঢ়িছে ধুবুৰীৰ নুৰ জামাল হকে।

Body: শিক্ষাৰ বাটত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হৈ থিয় দিব নোৱাৰে। এই কথা পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে ধুবুৰীৰ এগৰাকী মেধাবী ছাত্ৰই। পিতৃ হৃদ ৰোগত আক্ৰান্ত। তথাপিও ৰাজ মিস্ত্ৰীৰ কাম কৰি পৰিয়াল পোহপাল দিয়াৰ উপৰি তিনি পুত্ৰক উচ্চ শিক্ষাত শিক্ষিত কৰাৰ সপোন ৰচিছে পিতৃ নুৰ আলী সেখে। ধুবুৰীৰ ধৰ্মশালা অঞ্চলৰ বাসিন্দা নুৰ আলী সেখৰ পুত্ৰ নুৰ জামালে এইবেলি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত চাৰিটাকৈ বিষয়ত লেটাৰ নম্বৰ সহ মুঠ ৮৩% নম্বৰ লৈ মুঠ ৪১৭ নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে অঞ্চলটোলৈ। ধুবুৰী এছ পি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই গৰাকী মেধাবী ছাত্ৰৰ সাফল্যত আনন্দৰ চকুলো বোৱাইছে পিতৃ মাতৃয়ে। এইখন জুপুৰি ঘৰৰ পৰাই চিকিৎসক হোৱাৰ সপোন ধুবুৰীৰ এইগৰাকী মেধাবী ছাত্ৰৰ। অসহায় পিতৃয়ে প্ৰয়োজনীয় খৰচ দিব নোৱাৰিলেও চিকিৎসক হোৱাৰ সপোন দেখিবলৈ পাহৰা নাই নুৰ জামাল। দৰিদ্ৰতাক একপ্ৰকাৰ প্ৰত্যাহ্বান জনাই বহু কষ্টৰে নিজৰ লক্ষ্যত উপনীত হোৱাৰ দিশে আগবাঢ়িছে ধুবুৰীৰ নুৰ জামাল হকে। পঢ়াশুনাৰ উপৰি খেল ধেমালি কৰি ভাল পোৱা নুৰ জামালে ঘৰুৱা বিভিন্ন কাম কাজতো সহায় কৰে পিতৃক। আনহাতে দুই কণিষ্ঠ ভাতৃক বিভিন্ন সময়ত পাঠদান দি আহিছে মেধাবী ছাত্ৰ নুৰ জামালে।
উল্লেখযোগ্য যে, ফলাফল প্ৰকাশ পোৱাৰ পিছতেই আগলৈ চিকিৎসক হোৱাৰ সপোন দেখা নুৰ জামালে এতিয়া চিন্তিত। কাৰণ উচ্চ শিক্ষাৰ বাবে যথেষ্ট অৰ্থৰ প্ৰয়োজন। সেয়ে খৰচ বহন কৰিবলৈ সমৰ্থ নথকা পিতৃৰ লগতে নুৰ জামাল হকে চৰকাৰৰ পৰা সহায় বিচাৰিছে। চৰকাৰে সহায় কৰিলেহে নুৰজামাল হকৰ সপোন বাস্তৱ ৰূপলৈ ৰূপান্তৰ হব পাৰে।

Conclusion: এতিয়া এই গৰাকী বোকাৰ পদুম নুৰ জামাল হকক লাগে অকণমান সহায়। চৰকাৰে যদি সহায় কৰে তেন্তে হাঁহি ফুটিব পাৰে এই দৰিদ্ৰ পিতৃ মাতৃৰ লগতে নুৰ জামালৰ মুখত।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.