ETV Bharat / state

ক'ভিড প্ৰট'কল মানি আৰম্ভ হ'ল বিদ্যালয়ৰ পাঠদান

author img

By

Published : Jan 1, 2021, 2:32 PM IST

প্ৰায় এটা বছৰৰ মূৰত পুনৰ আৰম্ভ হ'ল বিদ্যালয়ৰ নিয়মিত পাঠদান ৷ ক'ভিড প্ৰট'কল মানি চলি ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ আৰম্ভ হৈছে বিদ্যালয়ৰ নিয়মিত পাঠদান ৷ পুৱা 9 বজাৰ পৰা দুপৰীয়া 1:45 বজালৈ চলিব পাঠদান কাৰ্যসূচী ৷

ক'ভিড প্ৰট'কল মানি আৰম্ভ হ'ল বিদ্যালয়ৰ পাঠদান
ক'ভিড প্ৰট'কল মানি আৰম্ভ হ'ল বিদ্যালয়ৰ পাঠদান

ধুবুৰী, 1জানুৱাৰী: 2021 চনৰ প্ৰথম দিনটোতেই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিদ্যালয় সমূহত আৰম্ভ হ'ল পাঠদান কাৰ্যসূচী ৷ 2020 বৰ্ষৰ আৰম্ভণিতে 'কা'(নাগৰিকত্ব সংশোধনী আইন) বিৰোধী প্ৰতিবাদৰ পাছতে ক'ভিড-19 ভাইৰাছৰ সংক্ৰমণে অতিমাৰীৰ ৰূপ ধাৰণ কৰাৰ পাছতে প্ৰায় এবছৰ ধৰি বিৰাজ কৰা অস্থিৰ অৱস্থা প্ৰায় নিয়ন্ত্ৰণলৈ অহাৰ পাছতে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত মৰ্মে বিদ্যালয় সমূহত পাঠদান কাৰ্যসূচী আৰম্ভ হৈছে ৷

ক'ভিড অতিমাৰীসৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত স্বাভাৱিক জীৱন প্ৰায় ব্যাহত হৈ পৰাৰ পাছতে শিক্ষক ছাত্ৰ-ছাত্ৰী সকলোৱে নিউ নৰ্মেল হৈ পৰা মাস্ক পৰিধান কৰাকে ধৰি চেনিটাইজাৰৰ ব্যৱহাৰ আৰু সামাজিক ব্যৱধান মানি চলি বিদ্যালয়লৈ অহা পৰিলক্ষিত হৈছে ৷

ক'ভিড প্ৰট'কল মানি চলি বিদ্যালয় সমূহত আৰম্ভ হ'ল পাঠদান কাৰ্যসূচী

ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ধুবুৰী জিলাটো ক'ভিড-19 প্ৰট'কল মানি পাঠদান কাৰ্যসূচী আৰম্ভ হৈছে ৷ জানিব পৰা মতে ক্ৰমে মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে প্ৰথম, দ্বিতীয়, তৃতীয় শ্ৰেণীৰ পাঠদান অনুষ্ঠিত হোৱাৰ পৰিৱৰ্তে সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠদান অনষ্ঠিত হ'ব ৷

উল্লেখ্য যে শুকুৰবাৰে প্ৰথম দিনটোত ছাত্ৰ ছাত্ৰীৰ উপস্থিতি কিছু পৰিমাণে সেৰেঙা যদিও বিগত প্ৰায় 10 মাহৰ পাছত সকলোৱে লগ পাই শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগতে ছাত্ৰ-ছাত্ৰী সকলো উৎফুল্লিত হৈ উঠা পৰিলক্ষিত হৈছে ৷ জানিব পৰা মতে প্ৰত্যেক দিনে পুৱা 9 বজাৰ পৰা দুপৰীয়া 1:45 বজালৈ পাঠদান অনুষ্ঠিত হ'ব ৷
লগতে পঢ়ক:তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঠদান আৰম্ভ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.