ETV Bharat / state

Operation against Drugs : ড্ৰাগছৰ কৰাল গ্ৰাসত ধুবুৰী - সৰবৰাহকাৰী যুৱকক আটক

ড্ৰাগছক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ধুবুৰীৰ ফলিমাৰী আৰু নিউঘাট অঞ্চলত। ৰছীৰে বান্ধি লৈ একাংশ ৰাইজে ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ আসক্ত তিনি যুৱকক উত্তম-মধ্যম সোধায়।

Operation against Drugs in Dhubri
ড্ৰাগছৰ কৰাল গ্ৰাসত ধুবুৰী
author img

By

Published : Jul 29, 2023, 10:45 PM IST

ড্ৰাগছৰ কৰাল গ্ৰাসত ধুবুৰী

ধুবুৰী, 29 জুলাই : ড্ৰাগছক কেন্দ্ৰ কৰি ধুবুৰীৰ পৃথক দুটাকৈ অঞ্চলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ড্ৰাগছক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ধুবুৰীৰ ফলিমাৰী আৰু নিউঘাট অঞ্চলত। প্ৰাপ্ত তথ্য অনুসৰি, ফলিমাৰী অঞ্চলত তিনিজন ড্ৰাগছ সৰবৰাহকাৰী যুৱকক ৰাইজে মিলি আটক কৰি আৰম্ভ কৰে বিচাৰ প্ৰক্ৰিয়া। ৰছীৰে বান্ধি লৈ একাংশ ৰাইজে ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ আসক্ত তিনি যুৱকক উত্তম-মধ্যম সোধায়।

এই খবৰ পাই ধুবুৰী আৰক্ষীৰ ৰাইডাৰ পাৰ্টী ঘটনাস্থলীত উপস্থিত হৈ তিনি যুৱককক উদ্ধাৰ কৰি নিজৰ জিম্মালৈ নিয়াৰ পিচতেই পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। আনকি বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা একাংশ সাংবাদিককো আক্ৰমণ কৰিবলৈ উদ্যত হয় ড্ৰাগছ সৰবৰাহকাৰীৰ একাংশ আত্মীয়ই।

তেনে অৱস্থাত ধুবুৰী আৰক্ষীৰ দল এটাই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ৰাইজে আটক কৰা ছাইফুল ইছলাম, আছিকুল ইছলাম আৰু হাছানুৰ ইছলামক নিজৰ জিম্মালৈ লৈ যায় ৷ আৰক্ষীয়ে তিনিওৰে স্বীকাৰোক্তিৰ ভিত্তিত ফলিমাৰী অঞ্চলৰ বিভিন্ন স্থানত অভিযান চলায়। পিচত অন্য কোনো লোকক আটক কৰিব নোৱাৰিলেও ধৃত তিনি যুৱকক ধুবুৰী সদৰ আৰক্ষী থানালৈ নি জেৰা অব্যাহত ৰাখিছে। ইপিনে স্থানীয় গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ এগৰাকীয়েও ড্ৰাগছৰ সৰবৰাহত জড়িত থকাৰ অভিযোগ উত্থাপন কৰে ৰাইজে ৷

ইপিনে ধুবুৰীৰ নিউঘাট অঞ্চলত অভিযান চলাই ৰাইজে ড্ৰাগছসহ সৰবৰাহকাৰী যুৱকক আটক কৰিবলৈ সক্ষম হয়। ড্ৰাগছ সৰবৰাহকাৰী যুৱকক আটক কৰি আৰক্ষীক খবৰ দিয়ে যদিও আৰক্ষীয়ে বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ সুযোগতে ড্ৰাগছ ব্যৱসায়ী যুৱকজন ৰাইজৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। যদিও সৰবৰাহকাৰীটোৱে এটা মোবাইল ফোন, ড্ৰাগছ আৰু এখন চাইকেল এৰি থৈ যায়। পিচত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ কেৱল ড্ৰাগছখিনি জব্দ কৰি লৈ যায় ৷ এইক্ষেত্ৰত কোনো ধৰণৰ অভিযান চলোৱা বা তদন্ত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে একাংশ উত্তেজিত ৰাইজে।

লগতে পঢ়ক: Suspected Murder case: চিপ লোৱা অৱস্থাত ৰহস্যজনকভাৱে যুৱক উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.