ধুবুৰী,২৩জুলাই : ধুবুৰীৰ ছোৱালী মহাবিদ্যালয়ৰ পৰা জিলা কাৰাগাৰলৈ উভতিল কয়দী আৰু নিৰাপত্তাৰক্ষী । কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত নিজৰ সামগ্ৰী লৈ উভতিল কয়দীসকল ।
উল্লেখ্য যে, ৰাজ্যৰ প্ৰতিখন জিলাৰ সমান্তৰালকৈ ধুবুৰী জিলাতো সৃষ্টি হৈছিল ভয়ংকৰ বান । এই বানৰ বাবে ধুবুৰী জিলাৰ বিস্তীৰ্ণ এলেকাৰ লগতে জিলা সদৰো প্ৰলয়ংকাৰী বানত ডুব গৈছিল । জিলা কাৰাগাৰৰ ভিতৰ-বাহিৰে এবুকু পানী সোমাই যোৱাৰ ফলত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছিল কয়দী আৰু নিৰাপত্তাৰক্ষীসকলৰ মাজত । বানৰ বাবে ধুবুৰী জিলা উপ-আৰক্ষী অধীক্ষক ত্ৰিনয়ণ ভূঞা আৰু জিলা কাৰাগৰৰ অধীক্ষক জিন্টু বৰাৰ উপস্থিতিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত জিলা কাৰাগৰৰ মুঠ ৪০৯ জনকৈ কয়দী আৰু আচামীক জিলাখনৰ ছোৱালী মহাবিদ্যালয়ৰ নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছিল । ইয়াৰ মাজতে ২৬ জন আচামী জামিনত ওলাই যোৱাৰ পিছত বাকী থাকে ৩৮৩ জন কয়দী । ইপিনে এক সপ্তাহৰ পিছত ধুবুৰী চহৰৰ পানী কমি যোৱাৰ পিছত সোমবাৰে পুনৰ জিলা উপ আৰক্ষী অধীক্ষক ত্ৰিনয়ণ ভূঞা আৰু জিলা কাৰাগৰৰ অধীক্ষক জিন্টু বৰাৰ উপস্থিতিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে কয়দীসকলক জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ।