ETV Bharat / state

Shyamala Sundari Football Tournament: শ্যামলা সুন্দৰী আমন্ত্ৰণীমূলক ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল সম্পন্ন

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 8:51 PM IST

ধুবুৰীত ২৮ বছৰ পিছত অনুষ্ঠিত হোৱা শ্যামলা সুন্দৰী আমন্ত্ৰণীমূলক ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল সম্পন্ন । অইল এফ.চি. দুলীয়াজানে বিয় সাব্যস্ত কৰে উক্ত প্ৰতিযোগিতাত । বিজয়ী দলটোৱে ১-০ গ'লত পৰাস্ত কৰি গ'লত পৰাস্ত কৰে চিৰাংদুৱাৰ এফ.চি.ফুটবল দলক ।

Final match of football tournament held in Dhubri
শ্যামলা সুন্দৰী আমন্ত্ৰণীমূলক ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল সম্পন্ন

ধুবুৰী,১৪ ছেপ্টেম্বৰ: বৃহস্পতিবাৰে সম্পন্ন হয় ধুবুৰীত ২৮ বছৰ পিছত অনুষ্ঠিত হোৱা শ্যামলা সুন্দৰী আমন্ত্ৰণীমূলক ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল । চূড়ান্ত খেলত চেম্পিয়ন দুলীয়াজানৰ অইল এফ.চিয়ে ১-০ গোলত পৰাস্ত কৰে ইউনাইটেড চিৰাংদুৱাৰ এফ.চি ফুটবল দলক ।

ধুবুৰীৰ স্থানীয় ৰজা প্ৰভাত চন্দ্ৰ খেলপথাৰত অনুষ্ঠিত হোৱা শ্যামলা সুন্দৰী আমন্ত্ৰণীমূলক ফুটবল প্ৰতিযোগিতাখনৰ আজিৰ চূড়ান্ত খেলত ইউনাইটেড চিৰাংদুৱাৰ এফ.চি. আৰু অইল এফ.চি. দুলীয়াজানৰ মাজত অনুষ্ঠিত হয় । তীব্ৰ প্ৰতিদ্বন্দিতামূলক খেলখনত অইল এফ.চি. দুলীয়াজানে চিৰাংদুৱাৰ এফ.চি.ফুটবল দলক ১-০ গ'লত পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ বিজয়ীৰ খিতাপ লাভ কৰে ।

খেলখনৰ একমাত্ৰ গ'লটো দিয়ে অইল এফ.চি. দুলীয়াজানৰ ৯ নং জাৰ্চি পৰিচিত অমন ছেত্ৰীয়ে । ধুবুৰী জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত এইবেলিৰ ৩৬ সংখ্যক শ্যামলা সুন্দৰী আমন্ত্ৰণীমূলক ফুটবল প্ৰতিযোগিতাখনৰ চেম্পিয়ন দল অইল এফ.চি. দুলীয়াজানক শ্যামলা সুন্দৰী ট্ৰফী আৰু নগদ ১ লাখ টকা ধনেৰে পুৰস্কৃত কৰা হয় । আনহাতে ৰানাৰ্চ আপ ইউনাইটেড চিৰাংদুৱাৰ এফ.চি.ক ৰানাৰ্চ আপ ট্ৰফীসহ নগদ ৫০ হাজাৰ টকাৰে বঁটা প্ৰদান কৰা হয় ।

আনহাতে প্ৰতিযোগিতাখনৰ আজিৰ চূড়ান্ত খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটাৰূপে ট্ৰফী আৰু নগদ ২৫ হাজাৰ টকা লাভ কৰে অইল এফ.চি. দুলীয়াজানৰ অমন ছেত্ৰীয়ে । উল্লেখ্য যে, ১৯৫২ চনতেই ধুবুৰীত আৰম্ভ হোৱা শ্যামলা সুন্দৰী আমন্ত্ৰণীমূলক ফুটবল প্ৰতিযোগিতাখন এটা সময়ত বন্ধ হৈ পৰিছিল । ইয়াৰ পাছত সুদীর্ঘ ২৮ বছৰৰ পিছত এইবেলি পুনৰ অনুষ্ঠিত হয় শ্যামলা সুন্দৰী আমন্ত্ৰণীমূলক ফুটবল প্ৰতিযোগিতাখন ।

উল্লেখ্য যে, এই ফুটবল প্ৰতিযোগিতাত অসমৰ চিৰাং, দুলীয়াজন, দক্ষিণ শালমাৰা, ধুবুৰী জিলাকে ধৰি বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও দলে অংশগ্ৰহণ কৰাৰ উপৰিও বহিঃৰাজ্যৰো কেইবাটাও ফুটবল দলে অংশগ্ৰহণ কৰে এই ফুটবল প্ৰতিযোগিতাত ।

লগতে পঢ়ক: Heroin seized: হেৰ’ইনসহ দুই সৰবৰাহকাৰীক আটক

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.