ETV Bharat / state

ধুবুৰীত ৫টা গভাইত চোৰ আটক - নগদ ধন, চিলিণ্ডাৰ আৰু বিভিন্ন সামগ্ৰী লুট

ধুবুৰীত চোৰৰ পিঠিত পৰিল ৰাইজৰ ঔ-কিল । এজন লোকৰ ঘৰৰ পৰা নগদ ধন, চিলিণ্ডাৰৰ লগতে বিভিন্ন সামগ্ৰী লুটি পলায়ন কৰাৰ সময়তে ৫টা গভাইত চোৰক কৰায়ত্ত কৰিলে গাঁৱৰ ৰাইজে । সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে চোৰকেইটা ।

ধুবুৰীত ৫টা গভাইত চোৰ আটক
ধুবুৰীত ৫টা গভাইত চোৰ আটক
author img

By

Published : Jan 25, 2021, 5:27 PM IST

ধুবুৰী, ২৫ জানুৱাৰী : চোৰে বাৰুকৈয়ে জ্বলাকলা খুৱাইছে ধুবুৰীৰ এ. এম. কো. ৰোডৰ অয়ৰাণ জংলা অঞ্চলবাসীক । গৃহস্থ থকাৰ ঘৰৰ পৰাও কৌশলেৰে মূল্যৱান সামগ্ৰী লুটি নিয়ে চোৰে । অৱশেষত জালত পৰিল গভাইত চোৰ । দেওবাৰে ৰাইজে ৫ টা গভাইত চোৰক কৰায়ত্ত কৰি গতালে আৰক্ষীক । দেওবাৰে নিশা অয়ৰাণ জংলা গাঁৱৰ জহিৰুল ইছলাম নামৰ এজন লোকৰ ঘৰত চুৰিকাণ্ড সংঘটিত হয় ।

ধুবুৰীত ৫টা গভাইত চোৰ আটক
ধুবুৰীত ৫টা গভাইত চোৰ আটক

৪-৫ জনীয়া চোৰৰ দল এটাই নিশা নগদ ধন, চিলিণ্ডাৰ আৰু বিভিন্ন সামগ্ৰী লুটি নিয়ে । এই ঘটনাৰ উমান পাই পৰিয়ালটোৱে চিঞৰ-বাখৰ কৰাত গাঁৱৰ ৰাইজ ওলাই আহে আৰু ৫টা চোৰক কৰায়ত্ত কৰি উত্তম-মধ্যম সোধায় । পিছত ধৃত চোৰকেইটা ক্ৰমে মন্তাজ আলী মোল্লা, শ্বহীদ আলী, ছকেৰ আলী, ছামচুল হক আৰু আব্দুল আলিম শেখক ৰাইজে এ. এম. কো. ৰোড আৰক্ষীক গতাই দিয়ে ।

আৰক্ষীয়ে জেৰা অব্যাহত ৰখাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । উল্লেখ্য যে, অঞ্চলটোত ড্ৰাগছৰ অবৈধ বেহা অব্যাহত থকাৰ লগতে বহু যুৱক ড্ৰাগছ আসক্ত হোৱাৰ বাবে চোৰৰ উপদ্ৰপ বৃদ্ধি পাইছে বুলি ধাৰণা কৰিছে একাংশ সচেতন ৰাইজে ।

লগতে পঢ়ক:সুদক্ষ আৰক্ষী বিষয়া ভায়'লেট বৰুৱালৈ 'ৰাষ্ট্ৰপতি পদক'

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.