ETV Bharat / state

Har ghar Tiranga : ধুবুৰীত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ বাবে ব্যাপক তৎপৰতা জিলা প্ৰশাসনৰ

author img

By

Published : Jul 27, 2022, 10:10 PM IST

ধুবুৰীত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী সফল কৰাৰ বাবে জিলা প্ৰশাসনৰ ব্যাপক তৎপৰতা (Har Ghar Tiranga Programme in Dhubri)। আত্মসহায়ক গোটে এক লাখ পতাকা চিলাই বিক্ৰী কৰিছে ৭০ হেজাৰ । সুলভ মূল্যৰ দোকানতো উপলব্ধ হ'ব ত্ৰিৰংগা ।

Har ghar Tiranga
Har ghar Tiranga

ধুবুৰী, ২৭ জুলাই : ধুবুৰী জিলাত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী সফল কৰাৰ বাবে জিলা প্ৰশাসনে ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে (Har Ghar Tiranga Programme in Dhubri) ৷ দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কেন্দ্ৰীয় চৰকাৰে কৰা পৰিকল্পনা (75th years of Independence of India) অনুসৰি ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ প্ৰতিটো বাসগৃহ আৰু কাৰ্যালয়ত যাতে জাতীয় পতাকা উত্তোলন কৰা হয় তাক নিশ্চিত কৰাৰ বাবে আজি ধুবুৰী জিলা উপায়ুক্ত আনবামুথান এম পিৰ অধ্যক্ষতাত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয় (Azadi Ka Amrit Mahotsav) ৷

বৈঠকত উপস্থিত থকা খণ্ড উন্নয়ন বিষয়াসকলক গ্ৰামাঞ্চলৰ প্ৰতিটো বাসগৃহত যাতে ১৩ৰ পৰা ১৫ আগষ্টলৈ জাতীয় পতাকা উৰে তাক নিশ্চিত কৰাৰ বাবে আৰু ৰাইজক সজাগ কৰাৰ বাবে ব্যাপক প্ৰচাৰ চলাবলৈ জিলা উপায়ুক্তই নিৰ্দেশ দিয়ে (National Flag hosted every houses on 13 to 15 August) ৷ ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ পৌৰসভাৰ ক্ষেত্ৰতো প্ৰতিটো বাসগৃহত জাতীয় পতাকা উৰাতো নিশ্চিত কৰিবলৈ বৈঠকত উপস্থিত পৌৰসভাৰ সভাপতি আৰু কাৰ্যবাহী বিষয়াক জিলা উপায়ুক্তই নিৰ্দেশ দিয়ে ৷

ধুবুৰীত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী সফল কৰাৰ বাবে জিলা প্ৰশাসনৰ ব্যাপক তৎপৰতা

তেওঁ প্ৰতিগৰাকী ৱাৰ্ড কমিছনাৰক নিজ নিজ এলেকাৰ প্ৰতিটো বাসগৃহলৈ গৈ 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ প্ৰচাৰ চলাবলৈ পৰামৰ্শ দিয়ে ৷ জিলাখনৰ প্ৰতিজন ব্যক্তি যাতে 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ বিষয়ে অৱগত হয় তাৰ বাবে মাইকযোগে ব্যাপক প্ৰচাৰ চলাবলৈ জিলা উপায়ুক্তই জিলা তথ্য আৰু জনসংযোগ বিষয়াক নিৰ্দেশ দিয়ে ৷

আনহাতে, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ (Assam State Rural Livelihood Mission) ধুবুৰী গোটক জিলা উপায়ুক্ত কাৰ্যালয়, জিলা গ্ৰামোন্নয়ন অভিকৰণ, চক্ৰ বিষয়াৰ কাৰ্যালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত সুন্দৰকৈ জাতীয় পতাকা বিক্ৰী কেন্দ্ৰ মুকলি কৰিবলৈ জিলা উপায়ুক্তই নিৰ্দেশ দিয়ে ৷

উল্লেখ্য যে, অসম ৰাজ্যিক জীৱিকা অভিযানৰ ধুবুৰী গোটে সাতশ আত্মসহায়ক গোটৰ জৰিয়তে ১.৬৮ লাখ জাতীয় পতাকা চিলোৱাৰ লক্ষ্য লৈ বৰ্তমানলৈকে ১.০৮ লাখ পতাকা চিলাবলৈ সক্ষম হৈছে ৷ পতাকা বিক্ৰীৰ বাবে ইতিমধ্যে ৫৮ খন বিপণী জিলা, খণ্ড আৰু ক্লাষ্টাৰ পৰ্যায়ত মুকলি কৰা হৈছে আৰু আত্মসহায়ক গোটৰ মহিলাসকলে এতিয়ালৈকে ৭২ হেজাৰ জাতীয় পতাকা বিক্ৰী কৰিছে ৷ প্ৰতিখন জাতীয় পতাকাৰ মূল্য আকাৰ অনুসৰি ১৬ টকাৰ পৰা ৩০ টকালৈ নিৰ্ধাৰণ কৰা হৈছে ৷

আত্মসহায়ক গোটে এক লাখ পতাকা চিলাই বিক্ৰী কৰিছে ৭০ হেজাৰ

আনহাতে, ধুবুৰী জিলাত সুলভ মূল্যৰ দোকানৰ জৰিয়তে মূলত ২.৭০ লাখ হিতাধিকাৰী পৰিয়ালক লক্ষ্য কৰি প্ৰতিখনত ১৮ টকা দৰত জাতীয় পতাকা বিক্ৰী কৰা হ'ব ৷ ধুবুৰী জিলা যোগান বিভাগে মুঠ ২.৩১ লাখ জাতীয় পতাকা ৰাজ্যিক কাৰ্যালয়ৰ পৰা বিক্ৰীৰ বাবে লাভ কৰিব ৷ আজিৰ বৈঠকখনত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামী, অতিৰিক্ত উপায়ুক্ত মানস শইকীয়া, ধুবুৰী পৌৰসভাৰ সভাপতি ডাঃ দেৱময় সন্যাল, গৌৰীপুৰ পৌৰসভাৰ সভাপতি, খণ্ড উন্নয়ন বিষয়াসকল, আন কেইবাগৰাকী বিষয়া আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ধুবুৰীৰ বিষয়ববীয়া উপস্থিত থাকে ৷ বৈঠকত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ধুবুৰী গোটে জিলা উপায়ুক্তক আত্মসহায়ক গোটৰ সদস্যই চিলোৱা জাতীয় পতাকা উপহাৰ দিয়ে ৷

লগতে পঢ়ক :Har Ghar Tiranga Mission: ত্ৰিৰংগা প্ৰস্তুত কৰাত ব্যস্ত কলিয়াবৰৰ আত্মসহায়ক গোটৰ মহিলাসকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.