ধুবুৰী,24ফেবৰুৱাৰীঃ চলিত বৰ্ষৰ এপ্ৰিল মাহত সমাপ্ত হ'ব বিজেপি নেতৃত্বাধীন ধুবুৰী পৌৰসভা বোৰ্ডৰ পাঁচ বছৰীয়া কাৰ্যকালৰ। সেয়ে ধুবুৰী জিলা প্ৰশাসনে পৌৰসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে চলাইছে প্ৰস্তুতি। ধুবুৰী পৌৰসভাৰ ষোল্লটা ৱাৰ্ডৰ আসন সংৰক্ষণৰ বাবে ইতিমধ্যে সৰ্বদলীয় প্ৰতিনিধি বৰ্গৰ উপস্থিতিত জিলা প্ৰশাসনে সভা অনুষ্ঠিত কৰি সম্পন্ন কৰিছে আসন সংৰক্ষণ প্ৰক্ৰিয়া । কিন্তু আসন সংৰক্ষণৰ নামত ধুবুৰী জিলা প্রশাসনে শাসক দলৰ হৈ পক্ষপাতমূলক ভূমিকা গ্ৰহণ কৰি আহিছে বুলি উত্থাপন হৈছে এক গুৰুতৰ অভিযোগ। এই অভিযোগ উত্থাপন কৰিছে জিলা কংগ্ৰেছে। অভিযোগ অনুসৰি বৃহস্পতিবাৰে কংগ্ৰেছ,বিজেপি,অগপ আৰু এ আই ইউ ডি এফকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত প্ৰথমে এখন সভা অনুষ্ঠিত কৰে জিলা উপায়ুক্ত আনন্তলাল জ্ঞানীয়ে। সভাখনত সৰ্বদলীয় সন্মতিক্ৰমে মহিলাৰ বাবে আসন সংৰক্ষণ কৰাৰ বিপৰীতে সাধাৰণ আৰু অনুসূচীত জাতিৰ বাবে আসন সংৰক্ষণ কৰা হয়। যদিও কেইঘণ্টামান পিছতেই পুনৰ কাৰিকৰী ভুল হোৱাৰ দোহাই দি জিলা উপায়ুক্ত আনন্তলাল জ্ঞানীয়ে পিছদিনা শুকুৰবাৰে আন এখন সভা অনুষ্ঠিত কৰে। দ্বিতীয়খন সভাত জিলা উপায়ুক্তই আসন সংৰক্ষণৰ এখন ৰহস্যজনক তালিকা প্ৰকাশ কৰি তালিকা খনক সন্মতি জনাবলৈ সৰ্বদলীয় প্রতিনিধিক আহ্বান জনায় যদিও তালিকা খনত বহু বিসংগতি থকাৰ অভিযোগত সভাস্থলী ত্যাগ কৰে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ প্ৰতিনিধি বৰ্গই ৷
লগতে পঢ়কঃৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে উদ্বোধন কৰিব ম'টেৰা ষ্টেডিয়াম